পৃষ্ঠা:গল্পাঞ্জলি.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গল্পাঞ্জলি

আজিতো নহয়, সৰুৰেপৰা তেওঁ পাৰ্ব্বতীক দেখি আহিছে; কিন্তু আজি ই নতুন পোহৰ। বিচিত্ৰ সজ্জা! এনিমিষমান তেওঁ চাই ৰল। এনেতে নবীনে হাঁহি দিলে, ধৰণীব চেতন হল, আৰু ধৰণীয়ে তলমূৰ কৰিলে। ইয়াৰ পিচত ধৰণীয়ে অলপ হাঁহি চাহৰ বাটিটো মুখত দি এসোহা দুসোহাকৈ খাবলৈ ধৰিলে। ধবণীৰ “হাতীকা দাঁত” গজিবব ইতিহাসৰ, বুলিব লাগিলে, এয়ে আৰম্ভ; সেই কাৰণে ধৰণীয়ে কথাষাৰ কোৱাত নবীনে মিচিকাই অলপ হাঁহিলে।

( ৩ )

 কলেজৰ পাঠ্যজীৱন অতি বিচিত্ৰ কাল। সেই কালত বিশ্ব পুলকত ভৰি পৰে, সংসাৰে তিৰবিৰাই নাচি থাকে। তপত বতাহৰ মাজেদি বস্তুবোৰ যেনে কঁপি থকা দেখি, সংসাৰ সেইদৰে আনন্দ আৰু সৌন্দৰ্য্যত কঁপি থাকে। কি সুন্দৰ! কি মতলীয়া! এনে জীৱনৰ ভিতৰত সোমাই, নবীনে ধৰণীয়ে কি কলে, কি আলাপ কৰিলে, আমি নাজানিলেও এইটো জানো, যে দুয়ো বন্ধুৱে নবীনৰ ঘৰত সেই সপ্তাহ থাকি, কলিকতাৰ কলেজত হাজিৰ হোৱাত দুদিনৰ পলম কৰিলে।

 ইয়াৰ অলপ দিনৰ পাচতে নবীনে পিতাকলৈ যিখন চিঠি লিখিলে তাত কলিকতাৰ কথা, তেওঁবিলাকৰ মেছৰ কথা, ধৰণীৰ লগত একেলগে থকাৰ কথা ইত্যাদি বিলাক লিখি ইয়াকো লিখিলে বুলি প্ৰকাশ, যে পাৰ্ব্বতী লাহে লাহে ডাঙৰ