পৃষ্ঠা:গল্পাঞ্জলি.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দেখাদেখি

বহুত কৈছিল; বুঢ়া খুড়াকে ঘৰৰ বেমেজালিব, বন্ধু-বান্ধৱে নিজৰ অসুবিধাব আৰু আনবিলাকে সকলো ফালৰপৰা নানাবিধ অসুচলৰ কথা দেখুৱাই বুজাইছিল যে তেওঁ বিয়া নকৰালে কি জানি প্ৰলয়েই ঘটিব৷ তথাপি সুবিধাই অসুবিধাই ভালে বেয়াই তেওঁ আৰু বিয়া নকৰালে আৰু তথাপিতো বুঢ়া সংসাৰ আগৰ দৰেই লাখুটিত ভৰ দি বুঢ়া ভাৱেই চালি থাকিল; কাৰো দুখ বা কাৰো সুখে সংসাৰৰ গতিত বাধা দিব নোৱাৰিলে।

 সেই বাবে আজি এবছৰমান হল, নবীন কলিকতালৈ যোৱাৰ পৰা, ঘৰত পাৰ্ব্বতী আৰু পিতাকত বাজে আৰু আন কোনো নাই। পিতাক কছাৰিত থকাত ঘৰৰ আচল গৃহিণী আৰু কৰ্ত্ৰী পাৰ্ব্বতীয়েই।

 সেইদিনা কলিকতাৰপৰা অহাত পাৰ্ব্বতীয়ে নবীন আৰু ধৰণীক চাহ দিলে।

 সংসাৰৰ কিছুমান কথা অতি বিচিত্ৰ। আন্ধাৰত খপিয়াই জপিয়াই ফুৰোঁ, অথচ কি যে বিচাৰোঁ নাজানো। হয়তো যাকে লাগে তাকেই শ বাৰ ধৰি শ বাৰ এৰি দিওঁ; অথচ নাজানোঁ যে সেয়ে আমাৰ সাধনাৰ ধন। হঠাৎ এচাটি বিজুলীৰ পোহৰ চকুত পৰি বিশ্ব তেনেই জলমলীয়া উজ্জ্বল হয়, আৰু তেতিয়া দেখিবলৈ পাওঁ-“যিহকে বিচাৰিছোঁ সি হাততে।

 ধৰণীয়ে চাহ লৈ অহা পাৰ্ব্বতীৰ ফালে চালে। সাৰেঙৰ টন্‌টনীয়া তাঁৰত এবাৰ হাত পৰিলেই যেনেকৈ জন্‌জনাই উঠে, তেওঁৰ গোটেই শৰীৰ সেইদৰে জন্‌জনাই এবাৰ কঁপি উঠিল।