পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
বিশ্বাস-ঘাতকতা


 ৰাঘৱৰ কাৰ্য্য় দেখি মোহনমালাই প্ৰমাদ গণিলে। তেওঁ ৰাঘৱক ভেটা দি ক'লে,—“অশান্তি আৰু অত্যাচাৰ নিবাৰণ কৰিবলৈকে আমি যুদ্ধ কৰিছিলোঁ। এতিয়া আমিও অত্যা- চাৰেৰেই শাসন আৰম্ভ কৰিলে আমাৰ কথাৰ মূল্য ক’ত থাকিব! আমাৰ প্ৰধান লক্ষ্য আছিল ৰজা আৰু বৰবৰুৱা। ৰজা বন্দী হৈছে, বৰবৰুৱা এতিয়াও বাকী। তেওঁক বিচাৰি উলিয়াব লাগিব। তাৰ বাহিৰে আনৰ লগত আমাৰ শত্ৰুতা নাই। আগৰ বিষয়াসকল যদি আমাৰ অনুগত হয়, তেন্তে তেওঁলোকক আঁতৰোৱাৰো কোনো যুক্তি নাই। সেই কাৰণে ইমানতে ক্ষান্ত হোৱাঁ; নিৰ্দ্দোষ মানুহৰ ওপৰত অত্যাচাৰ নকৰিবা।”

 ৰাঘৱ।–মই আপোনাৰ কথা শুনিবলৈ বাধ্য নহওঁ। মই আগতে ঠিক কৰি থৈছোঁ, মই বৰবৰুৱা হ'ম; ডাঙৰৰ পৰা সৰুলৈকে সকলো বিষয়া হ'ব মৰাণ-নটক। সকলো কাম চলিব লাগিব মোৰ ইচ্ছামতে। ৰজা যেয়ে হ’ল, তাত মোৰ লাভ- লোকচান নাই, কিন্তু পুৰণি বিষয়াৰ সঁচ নাৰাখোঁ।

 মোহন।— যদি তোমাৰ ইচ্ছামতেই সকলো কাম হ'ব লাগে, তেন্তে ৰজা কেলেই?

 ৰাঘৱ।— সিংহাসনত বহিবলৈ। আগেয়েও ৰজা সিংহাসনত বহিছিল, আৰু বৰবৰুৱাই ৰাজ্য চলাইছিল।

 মোহন।—সেই ব্যৱস্থা সহিব নোৱাৰিয়েই এই যুদ্ধ কৰিব লগা হৈছে। আকৌ তেনে ব্যৱস্থাকে ৰাখিব লগা হ'লে যুদ্ধ কৰাৰ পৰা লাভ কি হল!