এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বিংশ অধ্যায়।
বিশ্বাস-ঘাতকতা।

 যুদ্ধত পৰাজয়ৰ বাতৰি পাই লক্ষ্মীসিংহ বিমোৰত পৰিল। নগৰৰক্ষাৰ আৰু উপায় নাই। তেওঁৰ পক্ষে এতিয়া পলায়নেই একমাত্ৰ পথ। সেইমতেই তেওঁ গুৱাহাটীলৈ যাবলৈ স্থিৰ কৰি বিষয়া কেইজনমানেৰে সৈতে নগৰ এৰিলে আৰু সোণাই নৈৰ পাৰ পালেগৈ। কিন্তু ততালিকে পাৰ নাও যোগাৰ কৰিব নোৱৰাত সেই ৰাতি তাতে বাহৰ কৰি থাকিব লগা হ’ল। ইয়াৰ ভিতৰতে মৰাণৰ বাতৰি যোগনিয়াৰ অম্বৰীষে সকলো কথা ৰাঘৱৰ কাণত পেলালে। ৰাঘৱে তেতিয়াই লক্ষ্মীসিংহক বন্দী কৰিবলৈ চাৰিশ সৈন্য পঠিয়ালে আৰু নিজে নগৰলৈ আগ বাঢ়িল। সৈন্যবিলাকে অতি সহজে লক্ষ্মীসিংহক বন্দী কৰি আনিলে।

 ৰংপুৰ নগৰ এতিয়া অৰক্ষিত। বেচি ভাগ বিষয়াই নগৰ এৰি পলাল; লৰা-তিৰুতা আদি ভয়ত পেপুৱা লাগি সোমাই থাকিল। কোনো বাধা নোপোৱাত মৰাণ-সেনা জয়ধ্বনি কৰি নগৰ সোমাল। ৰাঘৱ আগ বাঢ়ি গৈ ৰজাৰ টোল অধিকাৰ কৰিলে। তাৰ পাচত ডাঙৰীয়া বিষয়া আদিৰ

ঘৰ সোমাই লুট-পাট কৰিবলৈ লাগিল।