এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

উনবিংশ অধ্যায়।
শেষ যুদ্ধ।

 যুদ্ধৰ অৱস্থা ক্ৰমশঃ বেয়াৰ ফাললৈ ঢাল লোৱা দেখি ৰজা, বৰবৰুৱা আৰু তিনিজন ডাঙৰীয়া মিলি পৰামৰ্শ কৰিলে। তাত এয়ে স্থিৰ হ’ল যে বেলেগ বেলেগ ঠাইত একোজন বিয়য়াই কোঁঠ মাৰি শত্ৰুৰ পথ ৰোধ কৰি থাকিব আৰু বৰৈ দুৱলীয়া পানী ফুকনে আগ বাঢ়ি গৈ শত্ৰুক আগচি ধৰিব। লগে লগে সকলো সম্বল লৈ শেষ চেষ্টাৰ নিমিত্তে বৰবৰুৱা নিজে সাজু হৈ থাকিব।

 এই ব্যৱস্থামতেই কাম হ'ল। যথেষ্ট পৰিমাণে সৈন্য- সামন্ত, আহিলা-পাতি দি পানী ফুকনক মায়ামৰীয়াৰ বিৰুদ্ধে পঠিওৱা হ'ল। ফুকনে ধাই-আলিৰ বাটে দি মৰাণক ভেটিবলৈ আগ বাঢ়িল।

 তেতিয়া মোহনমালাৰ সেনা আহি দিহিঙৰ কাষ পাইছিল। ইয়াতে দুয়ো পক্ষ মুখামুখি হ’ল।

 ৰাঘৱে আগ বাঢ়ি ফুকনক ক'লে,—“ফুকন! তুমি মিছাতে যুঁজ কৰা কিয়? আমিও ৰজাৰ হৈহে যুঁজ কৰিছোঁ। সেই দেখিয়েই ভিতৰুৱাল ফুকনে আমাৰ লগ লৈছে। তুমিও আমাৰ লগ লোৱাঁ।”