এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৮
গণ-বিপ্লৱ


কৰিবলৈ কোৱাত তেওঁ ক'লে যে শৰীৰত এটোপাল তেজ থকালৈকে তেওঁ শত্ৰুৰ ওচৰত সেও নামানে। তেতিয়া মোহন-মালাৰ সৈন্যই বেঢ়ি ধৰি ফুকনক বন্দী কৰিলে।

 যুদ্ধত জয়লাভ কৰি মোহনমালা ৰংপুৰলৈ বুলি আগ বাঢ়িল। উত্তৰ কালৰ পৰা ৰাঘৱৰ দলো আহি লগ লাগিল। তেওঁলোকৰ আনন্দৰ সীমা নোহোৱা হ'ল।

 মায়ামৰীয়াৰ এই সাফল্যৰ আনবোৰ কাৰণৰ লগতে টাৰিমুৱা ভণ্ডাৰী বৰুৱাৰ সাহায্যও এটা। তেওঁ অকল মোহন- মালাৰ ওচৰত দিয়া প্ৰতিশ্ৰুতিকে হে যে ৰক্ষা কৰিছিল এনে নহয়, অভয় ভণ্ডাৰীৰ পুতেক অম্বৰীষৰ হতুৱাই ৰজাঘৰীয়া আয়োজনৰ বা-বাতৰিও মোহনমালাক যোগাই আছিল। সেই কাৰণে মোহনমালাই শত্ৰুৰ গতি-বিধিৰ বাতৰি আগতীয়াকৈ পাই আছিল আৰু প্ৰয়োজনমতে সাজু থাকিব পাৰিছিল। পিচলৈ যদিও টাৰিমুৱাৰ সকলো ব্যৱস্থা একে দৰে নাথাকিল, তথাপি প্ৰথম ছোৱাৰ অভাৱনীয় সাফল্যই মায়ামৰীয়াৰ সাফল্য নশ্চিত কৰি তুলিলে।