পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
ৰণ-চণ্ডী


হোৱাত চাউল-সমলীয়াবিলাক ওচৰ চাপিব নোৱাৰিলে। ঔ টেঙা, ঢেকীয়া, কচু, কাক-গাজ আদি খাই সকলো সৈন্য নিশকতীয়া আৰু ৰুগীয়া হৈ পৰিল। গ্ৰহণী আদি ৰোগত বহুতৰ প্ৰাণ গ'ল।

 ফুকন আৰু তেওঁৰ সৈন্যৰ এই দুৰৱস্থা দেখি মোহনমালাই পুনৰ জনালে,—“ফুকন; মিছাতে কষ্ট খাইছা কিয়? মই নিয়মমতে দেশৰ ৰজা। বকতিয়ালৰ কীৰ্ত্তিচন্দ্ৰৰ কুমন্ত্ৰণাত আজি মই নিৰ্ব্বাসিত। সেই কাৰণে মই কীৰ্ত্তিচন্দ্ৰৰ ওপৰত প্ৰতিশোধ লৈ মোৰ সিংহাসন উদ্ধাৰ কৰিবলৈ আহিছোঁ। কোনো প্ৰজা বা বিষয়াৰ ওপৰত মোৰ ৰোষ নাই। তুমি শত্ৰুতা ত্যাগ কৰা।”

  কিন্তু একোৱে ফুকনক টলাব নোৱাৰিলে। তেওঁ ক'লে,— “ৰাজপাটত যিজন আছে তেওঁকেইহে আমি ৰজা বুলি জানো। তেওঁৰ বাহিৰে আন কাকো ৰজা বুলি মানিব নোৱাৰোঁ। কোনো কাৰণতে মই অস্ত্ৰ ত্যাগ নকৰোঁ।”

  তেতিয়া মোৱামৰীয়া সৈন্যই হৰনাথৰ সৈন্যক আক্ৰমণ কৰিলে। খাবলৈ নাপাই মৰোঁ মৰোঁ হোৱা ফুকনৰ সৈন্যই বেচি পৰ যুঁজিব নোৱাৰিলে। বহুতো মৰাৰ পাচত বাকীবোৰ যেনি-তেনি পলাবলৈ ধৰিলে, কিন্তু সাৰিলে অতি কম; প্ৰায়-ভাগেই শত্ৰুৰ হাতত মৰা পৰিল।

 সেনাপত হৰনাথ ফুকন এতিয়া অকলশৰীয়া; তথাপি তেওঁৰ মনোবল যোৱা নাই। মোহনমালাই আত্মসমৰ্পণ।