এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৬
গণ-বিপ্লৱ

পৰিচালনা কৰিছে। ইয়াতো উত্তৰৰ দৃশ্যই। ইয়াতো সেই একে গীত। নাৰী-বাহিনীয়ে গাইছে,—

“আঁচল পাতি ধৰিম গুলি
হিলৈৰ মাৰিম মাত।
নিজে নিজে শত্ৰু মৰি
হ’ব চূণ-চাঁত।”

 পুৰুষ সেনাই গাইছে,—

“অষ্টভুজে সপ্তভুজে চতুৰ্ভুজে ৰাখে।
তাৰ দাই তাকে কাটে,
তাৰ হিলৈ তাকে মাৰে,
চতুৰ্ভুজে ৰাখে।”

 যুদ্ধৰ গতি বিষম দেখি হৰনাথ ফুকনে আৰু আগুওৱা অনুচিত বুলি কোঁঠ মাৰি ৰ'ল। মৰাণ-সৈন্যই তেওঁক চাৰিও-ফালে বেঢ়ি পেলালে। মোহনমালাই ফুকনক জনালে যে তেওঁ সসৈন্যে আত্মসমৰ্পণ কৰা উচিত, অনাহকত কিছুমান মানুহক মৰিবলৈ দিয়া ভাল নহয়। ফুকনে উত্তৰ দিলে যে তেওঁ শেষ-মূহুৰ্ত্তলৈকে কৰ্ত্তব্য পালন কৰিব, আত্মসমৰ্পণ নকৰে। মোহনমালায়ো যুদ্ধ নকৰি ফুকনক আৰু কিছুদিন অবৰুদ্ধ ৰাখিবলৈকে স্থিৰ কৰিলে। খোৱা বস্তু ঢুকালে বাধ্য হৈ ফুকনে আত্মসমৰ্পণ কৰিব বুলি তেওঁৰ বিশ্বাস আছিল। সঁচাকৈয়ে কিছুদিনৰ পাচত ফুকনৰ সৈন্যৰ খোৱা বস্তু নাইকিয়া হল। বাট বন্ধ