এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৫
ৰণ-চণ্ডী


কাই হিলৈদাৰীবিলাকক হিলৈ মাৰিবলৈ আদেশ দিলে। হিলৈ মৰা হ'ল, কিন্তু নুফুটিল। অথচ হিলৈ মৰাৰ লগে লগে ৰুক্মিণী আৰু তেওঁৰ সঙ্গিনীসকলে আঁচল পাতি এনে ভঙ্গী দেখুৱালে যেন তেওঁলোকে গুলিহে ধৰিছে। লগে লগে গীতো চলিবলৈ ধৰিলে,—

“আঁচিল পাতি ধৰিম গুলি, হিলৈৰ মাৰিম মাত।”

 বেজবৰাৰ সৈন্যদলত আতঙ্ক উপস্থিত হ’ল। চুটীয়া কাঁড়ীয়ে কাঁড়ীবিলাকক কাঁড় মাৰিবলৈ আদেশ দিলে। কিন্তু সেই একে কথা; কাঁড় মাৰোঁতেই ধনুৰ গুণ ছিগি যাবলৈ ধৰিলে। সিফালে পুৰুষ নাৰী সকলো মায়ামৰীয়া সৈন্য মহাৰঙ্গে গীত গাই আগুৱাই আহিল। উপায় নেদেখি আৰু ৰুক্মিণীক ৰণচণ্ডী বুলি ভাবি ভয়তে ৰাজকীয় সৈন্য পলাবলৈ ধৰিলে। ৰাঘৱ আৰু ৰমাকান্তই শত্ৰুক খেদি খেদি মাৰিলে। চুটীয়া কাঁড়ী আৰু হিলৈদাৰী হাজৰিকা দুয়ো পৰিল; কথমপি প্ৰাণৰক্ষা কৰি সাৰিল সেনাপতি বেজবৰা। ৰাঘৱৰ সেনা আগুৱাবলৈ ধৰিলে।

 সিফালে হৰনাথ ভিতৰুৱাল ফুকনৰ অৱস্থাও একেই। তেওঁলোক ডিব্ৰুনৈৰ দক্ষিণ কুল পাওঁতেই মোহনমালাৰ সৈন্যই আগভেটি ধৰিলে। ৰণ-চণ্ডীৰ মূৰ্ত্তি ধৰি ৰাধাই নাৰী-বাহিনী পৰিচালিত কৰিছে। তাৰ পিচত অসংখ্য সুসজ্জিত মৰাণ আৰু মটক সেনা। হাতীৰ পিঠিত উঠি মোহনমালাই যুদ্ধ