এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
আগ কথা।

পাটত বহিবলৈ ৰাজ-বংশত উপযুক্ত কোৱঁৰ নথকাত বিষয়াসকলেই ৰাজ্য চলাব লগাত পৰে। ইয়াৰ ভিতৰতে ডাঙৰীয়া আৰু বিষয়াসকলে সেই সগৰ্ভা কুৱঁৰী কলৈ গ'ল তাৰ সম্ভেদ বিচাৰিবলৈ ধৰিলে। বহুত দিন বিচৰাৰ পাচত এজন চোৰাং-চোৱাই মাক- পুতেক দুয়োকে বামুণৰ ঘৰত দেখা পালে আৰু সকলো কথা ভাঙি-পাতি কৈ তেওঁলোকক ৰাজধানীলৈ আনিব খুজিলে। তেওঁলোক কিন্তু বামুণৰ ঘৰৰ পৰা আহিবলৈ সম্মত নহ’ল। কোৱঁৰৰ বয়স তেতিয়া নিচেই কম; তেওঁক ৰাজপাটৰ লোভে বামুণৰ লগ এৰুৱাব নোৱাৰিলে। আন উপায় নেদেখি বিষয়াসকলে পৰামৰ্শ কৰি মাক-পুতেকৰ লগতে বামুণকো সপৰিয়ালে ৰজাৰ হাউলীলৈ তুলি অনাৰ সিদ্ধান্ত কৰিলে। সেই মতেই কাম হ'ল আৰু কোৱঁৰক সিংহাসনত বহুওৱা হ'ল। এই কোৱঁৰেই আহোম স্বৰ্গদেৱ চুডাংফা বা বামুণী কোৱঁৰ।

 এতিয়ালৈকে আহোম ৰজাসকলৰ মাজত তেওঁলোকৰ নিজ ধৰ্ম্ম চলি আছিল আৰু দেওধাই, বাইলুঙৰ কথা মতে সকলো ধৰ্ম্ম কাৰ্য্য হৈছিল। চুডাংফা ৰজা হোৱাৰ পৰা তাৰ পৰিবৰ্ত্তন ঘটিল। বামুণৰ ঘৰত থাকি ৰাজমাও বামুণীয়া নীতি-নিয়মমতে পূৰাকৈ চলিছিল; তাতে আকৌ বামুণেই হ’ল ৰজাৰ অভিভাবক! আৰু কোনে পায়! ৰজাৰ টোলৰ ভিতৰতে বামুণীয়া নীতিৰে পূজা-পাটল চলিবলৈ ধৰিলে। মুঠতে তেতিয়াৰে পৰা আহোম ৰজাসকলৰ ধৰ্ম্ম কাৰ্য্য আহোম আৰু হিন্দু দুয়োমতে চলা হ'ল।

 তেতিয়াৰে পৰা সেই বামুণৰ বংশধৰসকলে পুৰুষানুক্ৰমে তেওঁলোকৰ পূজা-সেৱাৰ প্ৰতি স্বৰ্গদেৱসকলৰ আসক্তি বঢ়াবলৈ