পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তদশ অধ্যায়।
গুপ্ত-ষড়যন্ত্ৰ।

 টাৰিমুৱাই মোহনমালাৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে। বহুত দিনৰ মূৰত তেওঁৰ লগ পাই মোহনমালাই আনন্দ পালে। তাৰ পাচত ৰমাকান্ত আৰু তেওঁৰ লগৰীয়া কেইজনক চাৰিও- ফালে চকু ৰাখিবলৈ দি দুয়ো নিভৃতে আলোচনাত বহিল।

 ৰাজ্যৰ সকলো বা-বাতৰি লৈ মোহনমালাই ক'লে,— “তোমাক মই অতি আপোন ভাবি বহুতো বিশ্বাসৰ কথা কৈছিলোঁ। এতিয়াও সেই বিশ্বাস একেদৰেই আছে। সেই কাৰণেই তোমাক মাতিছোঁ। এতিয়াও তোমাক আগৰ দৰেই বিশ্বাস কৰিব পাৰিম নে? মোৰ মনৰ কথা তোমাক নিৰ্ভয়ে ক'ব পাৰিম নে?”

 টাৰি।—আপুনি তেন্তে মোৰ ওপৰত সন্দেহ কৰিছে!

 মোহন।— নকৰিলেও অৱস্থাই কৰাইছে।

 টাৰি।—কিন্তু আপোনাৰ প্ৰতি মোৰ মনোভাবৰ ধনিষ্ঠামানো লৰচৰ হোৱা নাই। মই তিনি সইত খাই কৈছোঁ, আপোনাৰ কোনো গোপনীয় কথা মোৰ পৰা বাহিৰ নহয়।

 মোহন।—শুনা তেন্তে। মোৰ প্ৰতি কি অবিচাৰ কৰা হৈছে তাক তোমালোকে জানা। তথাপিও তাক সহ্য কৰি ভাগ্যকে ধিয়াই পৰি আছিলোঁ এই অৰণ্যত, বন্য জন্তুৰ