এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৮
গণ-বিপ্লৱ

 ৰমা।—মোৰ নিজৰ কামত নহয়। এজন ডাঙৰ মানুহে এটা বাতৰি দিবলৈ মোক আপোনাৰ ওচৰলৈ পঠিয়াইছে।

 টাৰি।—কোন তেওঁ?

 ৰমাকান্তই চাৰিওফাললৈ চাই ক'লে,—“কথাটো বৰ গোপনীয়, আন কোনেও শুনিব নালাগে।”

 টাৰিমুৱা বিৰক্ত হ'ল; তথাপি ৰমাকান্তক নিৰ্জ্জন ঠাই এডোখৰলৈ নি সুধিলে,—“কোন তেওঁ?”

 ৰমা।—স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ পুন মোহনমালা। তেওঁ যেনে-তেনে এবাৰ আপোনাক লগ পাব খোজে।

 টাৰি। তুমি তেওঁক লগ পালা কেনেকৈ?

 ৰমা।—সেই বিষয়ে মোক নুসুধিব, মই ক'ব নোৱৰিম। তেওঁক লগ ধৰিলেই সকলো কথা জানিব পাৰিব।

 টাৰি।—তেওঁ থাকে নামৰূপৰ অৰণ্যত। তেওঁক বিচাৰি উলিওৱাই টান হ’ব। তাৰ উপৰি প্ৰকাশ্যভাবে তেওঁৰ ওচৰলৈ যাব নোৱাৰি।

 ৰমা।—বাট দেখুৱাবলৈ মই যাব পাৰোঁ আৰু লাগিলে কেইজনমান বিশ্বাসী লগৰীয়াও দিব পাৰোঁ।

 টাৰিমুৱাই কিছু সময় ভাবিলে; তাৰ পাচত ক'লে,— “আজি মই যাব নোৱাৰোঁ। ঘপ কৰে নগৰৰ পৰা নোহোৱা হ'লে কাৰোবাৰ সন্দেহ জন্মিব পাৰে। কালিলৈ কিবা এটা চেলু উলিয়াই কেইদিনমান আঁতৰি থকাৰ দিহা কৰিম আৰু