এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৭
জ্যোতিষীৰ ভাগ্য-গণনা

হ'ব নোৱাৰে। যদি মোৰ কথা মিছা হয়, মই এই পুথি-পাঁজি সোপকে পুৰি পেলাম।

 টাৰিমুৱাৰ বিশ্বাস জন্মিল। কিন্তু কেনেকৈ কুৱঁৰী হ'ব বুজিৰ নোৱাৰিলে। লক্ষ্মীসিংহ বুঢ়া, তেওঁৰ কুৱঁৰী হোৱা অসম্ভব। হয় তো লক্ষ্মীসিংহ সোনকালে স্বৰ্গী হ’ব, তেতিয়া তেওঁৰ পুতেক ৰজা হলে লখিমীক বিয়া কৰাই কুৱঁৰী কৰিব পাৰে। নাইবা আন কোনোবা কোৱঁৰো ৰজা হ'ব পাৰে। তেওঁ ভাবি-চিন্তি এতিয়া লখিমীক কালৈকো বিয়া নিদি কিনো হয় চাবলৈকে স্থিৰ কৰিলে।

 ৰমাকান্তই জ্যোতিষীয়ে মানা কৰাৰ কাৰণ সুধিলত লখিমীয়ে চমুকৈ আচল কথাটো কলে। ৰমকান্ত হতাশ হ’ল; তথাপি লখিমীক ক'লে,—“মই যে তোমাৰ আশা এৰিব নোৱাৰোঁ।”

 লখিমীয়ে কোনো উত্তৰ দিবলৈ নৌ পাওঁতেই টাৰিমুৱা ক'ৰবাৰ পৰা ঘৰলৈ আহিল। কিবা বিষম ঘটনা ঘটে বুলি লখিমীয়ে ভয় খালে।

 চ’ৰাৰ মুখত এটা অচিনাকী মানুহ দেখি তেওঁ খঙেৰে সুধিলে,—“কোন তুমি? কি লাগে?”

 ৰমা।—আপোনাক লগ পাব লাগে। মোৰ নাম ৰমাকান্ত।

 টাৰিমুৱাই টান মুখেৰেই ক'লে,—“অ নাহৰ খোৰাৰ পুতেক! মোক লগ পাব লাগে কিয়?