এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৫
জ্যোতিষীৰ ভাগ্য-গণনা

যাকে চাব খোজে
চাবকে নোৱাৰে,
 লাজে মুদাই ধৰে চকু।

 নাম গাই থাকোঁতেই পদূলি পাৰ হৈ এজন ডেকা সোমাই আহিল। তেওঁ গাভৰুতকৈ আঠ-ন বছৰৰ ডাঙৰ হ’ব। তেওঁ কোনো সা-সঁহাৰি নলগোৱাকৈ আহি চ’ৰাৰ মুখত থিয় হ'ল আৰু নীৰৱে গীত শুনি থাকিল। ছোৱালীজনীয়ে তেতিয়া সূতা কটা আৰু নাম গোৱাৰ বাহিৰে আন একোলৈকে মন দিয়া নাছিল।

 হঠাৎ যঁতৰৰ বটিয়াডাল ছিগিল; লগে লগে তেওঁৰ চিন্তাৰ ধাৰ আৰু কাৰ্য্যৰ গতিত বাধা পৰিল। তেওঁ মূৰ দাঙি চাই দেখিলে দুৱাৰ মুখত ৰমাকান্ত। তেওঁ খক মককৈ কাপোৰ- কানি ভালকৈ ল'লে; গাল দুখনত অলপ লাজৰ ৰহণ দেখা গ'ল।

 ছোৱালীজনী লখিমী। ৰমাকান্তৰ লগত তেওঁৰ সাক্ষাৎ নৈৰ ঘাটতে। এনেকৈ তেওঁ ঘৰলৈ কেতিয়াও অহা নাছিল। লখিমীয়ে ভয় খালে; দেউতাকে দেখিলে যদি খং কৰে! লখিমীয়ে ক'লে—“তুমি এনেকৈ নহাইহে ভাল আছিল।”

 ৰমা।—কিয়? অহাত তেনেহলে তুমি বেয়া পাইছা?

 লাখিমী।—মই নাপালেও আনে বেয়া পাব পাৰে।