এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ষোড়শ অধ্যায়।
জ্যোতিষীৰ ভাগ্য-গণনা।

 টাৰিমুৱা ভণ্ডাৰী বৰুৱাৰ ঘৰ ৰাজ আলিৰ পৰা অলপ দূৰতে, আলিৰ পৰাই দেখা যায়। তেতিয়া আবেলি। আগকালে কোনো নাছিল। চ'ৰা ঘৰত চৈধ্য-পোন্ধৰ বছৰীয়া এজনী ৰূপহী ছোৱালী। তেওঁ এখন পীৰাত বহিছে। আগত এটা যঁতৰ, আৰু কন্যাৰী পাতেৰে মেৰিওৱা এমুঠা পাঁজি। ছোৱালীজনীয়ে তাৰ পৰা একো সেৰাকৈ উলিয়াই যঁতৰত সূতা কাটিছে আৰু মুখেৰে গুণগুণাই নাম গাইছে,—

হাতৰ পাঁজি সেৰা
বতাহত কঁপিছে,
 পাকতে কঁপিছে শলা।
ৰামচন্দ্ৰক দেখা পাই
সীতাৰ হাত কঁপিছে,
 কেনেকৈ পিন্ধাব মালা।
হিয়াৰে মাজতে
ধুমুহা বলিছে,
 ৰৈ ৰৈ কঁপিছে বুকু।