এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
গণ-বিপ্লৱ।

দেখি তেওঁলোকে তাতে বসতি কৰাৰেই সিদ্ধান্ত কৰিলে। সেই মতেই তেওঁলোক তাতে ৰ'ল আৰু তাতেই তেওঁলোকৰ বিয়া-বাৰুও হ'ল। তেওঁলোকে যদিও ৰীতিমতে বামুণীয়া আচাৰ-ব্যৱহাৰ মানি চলিছিল, তথাপি বিভিন্ন জাতিৰ লগত বৈবাহিক সম্বন্ধ ঘটাত আৰু কিছুমান নিয়ম-প্ৰণালী অসমীয়া বামুণৰ লগত নিমিলাত অসমীয়া বামুণে তেওঁলোকক নীহ বুলি ভাবিছিল।

 এই বাপুসকলৰ বংশধৰ সকল মাতে-কথাই অসমীয়া হৈ পৰিল, কিন্তু তেওঁলোকৰ পিতৃপুৰুষ সকলৰ অনুষ্ঠিত ধৰ্ম্ম-কৰ্ম্মৰ প্ৰভাব বঙ্গলুৱা সাঁচেৰেই ৰৈ গ'ল। তেওঁলোকে বঙ্গদেশত প্ৰচলিত পূজা-পাটল আদি তেওঁলোকৰ অঞ্চলত যিমান পাৰে চলাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। যদিও তেওঁলোক দেখাত অসমীয়া হৈ পৰিল, তথাপি “হা বঙ্গ” “হা বঙ্গ” কৈ হুমুনিয়াহ কাঢ়িবলৈ নেৰিলে। তাৰ পৰাই সেই ঠাইডোখৰৰ নাম হাবং হৈ পিচত হাবং হয় আৰু তাৰ লোকসকলে হাবুঙীয়া নাম পায়।

 ইয়াত থিতাপি হোৱাৰ পাচত কোনো কোনো সময়ত তেওঁলোকৰ দুই-এজন বঙ্গদেশলৈকো গৈছিল আৰু তেওঁলোকৰ সম্বন্ধীয়া লোকৰ আচাৰ-ব্যৱহাৰৰ লগত যোগাযোেগ ৰক্ষা কৰিছিল।

 এনেকৈয়ে বহুত বছৰ পাৰ হ’ল। এতিয়া তেওঁলোকৰ পৰিয়াল আৰু লোকসংখ্যাও বহুত বাঢ়িল। এনেতে ত্যাওখাম্‌থি স্বৰ্গদেৱৰ এগৰাকী নিৰ্ব্বাসিতা সগৰ্ভা কুঁৱৰীয়ে এওঁলোকৰে এঘৰত আশ্ৰয় ল'ব লগাত পৰে। বামুণৰ ঘৰতে কুৱঁৰীৰ এটি পুত্ৰ-সন্তান জন্মিল আৰু বামুণেই তেওঁক লালন-পালন কৰিবলৈ ধৰিলে।

 ইফালে স্বৰ্গদেৱৰ মৃত্যুত আহোম-ৰাজ-সিংহাসন শূন্য হয়;