এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭২
গণ-বিপ্লৱ

 ৰমা।—স্বৰ্গদেৱে জানে বহুতো বিষয়া আপোনাৰ ফলীয়া আছিল; তেওঁলোক এতিয়াও তেনে হৈয়েই আছে। আকৌ বৰ্ত্তমান ৰজাৰ সমৰ্থক বেচি নাই; বৰবৰুৱাৰ বলতেই ৰাজপাট খাইছে মাথোন। আপোনাক পালে সৰহ ভাগেই আপোনাৰ লগ ল'ব বুলি মোৰ বিশ্বাস।

 সপ্তভুজ।—কীৰ্ত্তি বৰবৰুৱাই আমাৰ ওপৰত কিছু সন্দেহ কৰিছে বুলি ধাৰণা জন্মিছে। আৰু বোধ কৰোঁ, আপুনি আমাৰ লগত যোগ দিব পাৰে বুলি আশঙ্কা কৰিয়েই গুপ্ত ঘাতক নিযুক্ত কৰিছে। সেই কাৰণে আপুনি সাৱধানে থাকিব। দুই-এদিনতে আমি আপোনাক লৈ যামহি আৰু যুদ্ধ ঘোষণা কৰিম।

 মোহন।—মোৰ নিমিত্তে ভাবিব নালাগে। ইমান দিন জীৱনৰ স্পৃহা নাছিল; সেই কাৰণেই গুপ্ত ঘাতক চাপিব পাৰিছিল। আৰু নোৱাৰে।

 ইয়াৰ পাচত মোহনমালাৰ প্ৰশ্নৰ উত্তৰত ৰমাকান্তই আয়োজনৰ বিশেষ বিবৰণ দি সুধিলে,—“কেতিয়া স্বৰ্গদেৱক নিবলৈ আহিম?”

 মোহন।—আজিয়েই মই ক'ব নোৱাৰোঁ। মই এজন মানুহক তাৰ আগতে লগ পাব খোজোঁ। তেওঁ মোৰ অতি বিশ্বাসৰ মানুহ আছিল। তেওঁ হৈছে টাৰিমুৱা ভণ্ডাৰী বৰুৱা। তুমি তেওঁক লগ ধৰি গোপনে মোক সাক্ষাৎ কৰিবলৈ ক’বা। মোৰ বিশ্বাস, মোৰ কথা ক'লে তেওঁ নহাকৈ নাথাকে।