এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭১
মোহনমালা

মোতকৈ দীন-দৰিদ্ৰ, মোতকৈ অপমানিত, লাঞ্ছিত আৰু কোনো নাই। মই আজি সকলোৰে পতিত্যক্ত, ঘৃণিত বন্দী।

 ৰমা।—কেতিয়াও নহয় স্বৰ্গদেৱ। আনৰ নহ'ব পাৰে, কিন্তু মৰাণ মটকৰ আপুনিয়েই স্বৰ্গদেৱ। কি ৰাজেশ্বৰ সিংহ, কি লক্ষ্মীসিংহ কাকো আমি স্বৰ্গদেৱ বুলি মনা নাই। আজি ইমান দিন আপোনাক সিংহাসনত বহুৱাবলৈকে আমি আয়োজন কৰি আহিছোঁ। এতিয়া আয়োজন সম্পূৰ্ণ। এতিয়া আপুনি আমাৰ নেতৃত্ব ল'লেই আমাৰ আয়োজন সফল হ'ব। আমিয়েই এই আয়োজনত লগা নাই। ইয়াত গুৰুৰ সম্পূৰ্ণ সম্মতি আৰু সহযোগিতা আছে।

 মোহন।—মই তোমালোকক চিনি পোৱা নাই।

 ৰমা।—মই মৰাণ-নায়ক নাহৰৰ পুত্ৰ আৰু এওঁ আমাৰ গুৰুৰ পুত্ৰ সপ্তভুজ। আমাৰ সৌভাগ্য, ঠিক মুহুৰ্ত্ততে আমি পালোঁহি; নতুবা আমাৰ সকলো আয়োজন ব্যৰ্থ হ'লহেতেন।

 মোহন।—তোমালোকৰ কথা সঁচা নে?

 সপ্তভুজ।—একেবাৰেই সচাঁ চন্দ্ৰ-সূৰ্য্য, বায়ু-বৰুণ সকলোকে সাক্ষী কৰি কৈছোঁ, আমাৰ কথাত মিছাৰ লেশমাত্ৰ নাই। আপুনি কেনেবাকৈ অবিশ্বাস কৰে বুলিয়েই পিতাই তেওঁৰ প্ৰতিনিধিস্বৰূপে মোকো পঠিয়াই দিছে।

 মোহন।—তোমালোকৰ আয়োজনেই যে যথেষ্ট হ'ব তাৰ নিশ্চয়তা ক'ত?