এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭০
গণ-বিপ্লৱ

কালৰ প্ৰৱাহত মাৰ গৈছে। মোৰ জীৱন এনেকৈয়ে যাব নে! এনে মৃতকল্প অৱস্থাত জীয়াই থকাতকৈ মৃত্যুও সহস্ৰগুণে ভাল।”

 অলপ ৰৈ আকৌ ক'লে,—“মোক বনত মেলিও সিহঁতৰ শান্তি হোৱা নাই। মোক হত্যা কৰিবলৈ গুপ্ত ঘাতক ঘূৰিব লাগিছে। সিহঁতক সুযোগ দিয়াই এতিয়া মোৰ কৰ্ত্তব্য। জীয়াই থাকি যেতিয়া একো কৰিব নোৱাৰে মৃত্যুৰ হাতত নিজক উচৰ্গা কৰি শান্তি বিচৰাই এতিয়া একমাত্ৰ পথ।”

 হঠাৎ পিচফালে শুকান পাতৰ মৰমৰণি শুনি তেওঁ চক খাই উঠিল আৰু সেই ফাললৈ চকু ঘূৰালে। তেওঁ দেখিলে এটা মানুহে তেওঁক লক্ষ্য কৰি এপাট যাঠি দাঙিছে; এই তেওঁৰ পিঠিত সোমাই আৰু! তেওঁ ঘটনাটো ভালকৈ বুজিবলৈ নৌ পাওঁতেই হঠাৎ এখন চিকমিকীয়া তৰোৱালৰ কোবত মানুহটোৰ মূৰ ছিটিকি পৰিল, আৰু তেওঁৰ সন্মুখত থিয় দিলে দুজন সশস্ত্ৰ যুৱক। মোহনমালাই একো বুজিব নোৱাৰি সুধিলে,— “কোন তোমালোক? কি লাগে?”

 এই যুৱক দুজনৰ এজন ৰমাকান্ত আৰু আন জন সপ্তভুজ। গুপ্তঘাতকক বধ কৰাজনেই ৰমাকান্ত। ৰমাকান্তই ক'লে,— “স্বৰ্গদেৱ! আমি আপোনাৰ দাস, আপোনাক লগ ধৰিবলৈ আহিছোঁ।”

 মোহন।—স্বৰ্গদেৱ! মোক স্বৰ্গদেৱ বুলিছা! তোমালোকে মোক পেংলাই কৰিছা! আজি এই ৰাজ্যত মোতকৈ নিৰ্জ্জীৱ,