এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬৮
গণ-বিপ্লৱ

আনিব পাৰিলে ৰজাঘৰীয়া বিষয়াৰো আধা-আধি আমাৰ ফলীয়া হ'ব। তেওঁলোকে আমাক দেখাদেখিকৈ সাহায্য নকৰিব পাৰে, কিন্তু ৰাজশক্তিক দুৰ্ব্বল কৰিব। এইখিনি কাম কৰোঁতে বেচি দিন নালাগে, কিন্তু যদি আমাৰ ইচ্ছামতে কাম হয় জয়লাভ সোনকাল হ'ব।

 ৰাঘৱে যদিও প্ৰস্তাবটো বৰ ভাল পোৱা নাছিল, তথাপি বাকী সকলোৱেই অষ্টভুজৰ কথাত হয় দিলে। তেতিয়াই অষ্টভুজৰ পুত্ৰ সপ্তভুজ আৰু ৰমাকান্তক মহন্ত আৰু শিষ্যৰ প্ৰতিনিধিস্বৰূপে মেহনমালাৰ ওচৰলৈ পঠোৱা হ'ল। অষ্টভুজে তেওঁলোকক ক'লে,—“তোমালোক অতি সাৱধানে যাবা। যদিও মোহনমালা নিৰ্ব্বাসনত, তথাপি তেওঁৰ গতি বিধি লক্ষ্য কৰিবলৈ যথেষ্ট চৰ আছে। তোমালোকৰ কাম অতি গোপনে হ’ব লাগিব। লগত দহজনমান মানুহ নিবা আৰু বেলেগ বেলেগ ঠাইত ৰাখিবা, যাতে কোনো বিপদৰ সম্ভাবনা দেখিলে তেওঁলোকে সাহায্য কৰিব পাৰে।

 সপ্তভুজ আৰু ৰমাকান্তক পঠিয়াই অষ্টভুজে বাকী কেইজনক ক'লে,—“মোহনমালাই যোগ দিলে ভাল; নিদিলেও এইবাৰ যুদ্ধ হবই। আঠ-দহদিনৰ ভিতৰতে যুদ্ধ ঘোষণা কৰা হ'ব, তোমালোক সাজু হোৱাঁগৈ।”

 সকলোৱে অষ্টভুজক সেৱা কৰি বিদায় ল'লে।