এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চতুৰ্দ্দশ অধ্যায়।
মন্ত্ৰণা।

 মায়ামৰীয়াৰ যুদ্ধৰ আয়োজন প্ৰায় সম্পূৰ্ণ হৈছে। ৰাঘৱ আৰু ৰমাকান্তৰ যত্নত সকলো মৰাণ মটক তলে তলে যুঁজাৰু হৈ উঠিছে। তেওঁলোক আগৰে পৰা যুঁজাৰু আছিল; সেই কাৰণে সহজেই যুদ্ধবিদ্যা আয়ত্ত কৰিব পাৰিছিল। ইফালে ৰাধা আৰু ৰুক্মিণীয়েও দুটা নাৰী-বাহিনী গঠন কৰি তুলিছে। অষ্টভুজৰ অনুমতি লৈ যুদ্ধ ঘোষণা কৰিবলৈ মাথোন বাকী।

 নাহৰ বা ৰাঘৱৰ কাৰো এইবাৰ ৰজা ঘৰত কৰ শোধাবৰ মন নাছিল। কিন্তু তাকে কৰিলে তেওঁলোক সাজু হোৱাৰ আগতে ৰজাঘৰৰ পৰা অত্যাচাৰ আৰম্ভ হ'ব পাষে আৰু তেওঁলোকৰ আয়োজন ব্যৰ্থ কৰিব পাৰে। এইবোৰ ভাবি চিন্তিহে মূৰামূৰি সময়ত শেষবাৰলৈ বুলি কৰ শোধালে। কিন্তু তাৰ ফল হ'ল বৰবৰুৱাৰ হাতত অভাবনায় লাঞ্ছনা।

 নাহৰৰ ঘৰত নাহৰ, ৰাঘৱ, ৰমাকান্ত, ৰাধা আৰু ৰুক্মিণী মিলি এতিয়া তেওঁলোকৰ কৰ্ত্তব্য কি তাৰ আলোচনা কৰিলে। ৰাঘৱৰ সেই দিনাই যুদ্ধ ঘোষণা কৰিবৰ মন। ৰাধা আৰু ৰুক্মিণীৰো তাত সম্পূৰ্ণ মত। কিন্তু নাহৰে ক'লে,—“আগেয়ে আমি গুৰুৰ ওচৰলৈ যাওঁ। তেৰাৰ আদেশ নোপোৱাকৈ আমি কোনো কাম হাতত ল'ব নোৱাৰোঁ।”