এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গণ-বিপ্লৱ।
প্ৰথম অধ্যায়।
আগ কথা।

 চুকাফাই সৌমাৰ অধিকাৰ কৰাৰ কিছু কালৰ পিচতে বঙ্গদেশৰ শান্তিপুৰৰ পৰা কেইজনমান ডেকা আৰু আদহীয়া বামুণ পৰশুৰাম- কুণ্ড দৰ্শন কৰিবলৈ আহিছিল। তেতিয়াৰ দিনত ৰেল-জাহাজৰ কথাই নাই, ভাল বাট-পথো নাছিল। তথাপি তেওঁলোকে মৰসাহ কৰি বাটকুৰি বাই আহিবলৈ ধৰিলে, আৰু গধূলিৰ অতিথি সাক্ষাৎ দামোদৰ বুলি নিজে নাখায়ো অতিথিক খুওৱা অসমীয়াৰ সহৃদয়তাৰ সাহায্য লৈ বহুত দিনৰ মূৰত অভীষ্ট ঠাইত উপস্থিত হল। কুণ্ডত স্নান কৰি তেওঁলোক আকৌ আগৰ দৰেই য’তে ৰাতি হয় ত'তে আলহী থাকি উলটিবলৈ ধৰিলে। এনেকৈ কিছুদিন অহাৰ পাচত তেওঁলোক এখন ঠাইত উপস্থিত হ'ল। সেই ঠাইত আগেয়ে বামুণ নাছিল; সেই দেখি তাৰ অধিবাসীসকলে তেওঁলোকক তাতে থাকিবলৈ অনুৰোধ জনালে আৰু ঘৰ-দুৱাৰ আদি সাজি দিবলৈকো গাত ল'লে। তীৰ্থযাত্ৰী বাপুসকল ইমান দিন বাটকুৰি বাই ভাগৰি পৰিছিল। অসমৰ অৱস্থা, মাটি-পানী, খোৱা বস্তুৰ প্ৰাচুৰ্য্য আৰু অসমীয়াৰ আদৰ-সাদৰে এফালে তেওঁলোকক অসমলৈ টানিছিল আৰু আন ফালে দুৰ্গম বাটে দি নিজ দেশলৈ উলটি যোৱাৰ কষ্টৰ ভাবনাই ভয়ো খুৱাইছিল। এতিয়া সকলো ফালৰ পৰা সুবিধা