পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
ৰাঘৱ মৰাণ

 চাওদাং দুটাই লৰ দিলে। বৰবৰুৱাই নিজে নিজে ক’লে,—“নাই, নোৱাৰি, আৰু সহিব নোৱাৰি। ই নিশ্চয় অষ্টভুজৰ কাম। সি মোক পদে পদে লঘু লাঞ্ছনা কৰিছে। উঃ! তাৰ ইমান স্পৰ্ধা! একে লগে একেখন নাৱতে যাওঁতে- ও সি অকল স্বৰ্গদেৱক হে দেখিলে; মোলৈ কেৰাহি কৰিও নাচালে। অকল সিয়েই মোক অপমান কৰি এৰা নাই, শিষ্যবিলাককো মোক অপমান কৰিবলৈ উচটাই দিছে। নহলে এটা সামান্য খৰি-যোগনিয়াৰৰ ইমান সাহ হয় নে? বাৰু দেখা যাওক; ময়ো কীৰ্ত্তিচন্দ্ৰ, মোৱামৰীয়াহঁতক উচ্ছন্ন কৰি মোৰ কীৰ্ত্তি ৰাখিম।”

 এনেতে ৰাঘৱক লৈ চাওদাং দুটা সোমাই আহিল। সকলোৱে সেৱা জনাই হাত যোৰকৈ থিয় দি থাকিল। ৰাঘৱলৈ চাই বৰবৰুৱাই ক’লে,—“তই ৰাঘৱ মৰাণ!”

 ৰাঘৱে মূৰ দোৱাঁই সম্মতি জনালে।

 বৰবৰুৱা।— তই মোক সেৱা নকৰাকৈ গৈছিলি কিয়? সেইটো অপৰাধ বুলি তই নাজান?

 ৰাঘৱ।—জানো। মই আহি—

 বৰবৰুৱা।—হৈছে। মনে মনে থাক। চাওদাং ইয়াক পেৰেঙনিত বান্ধ।

 তৎক্ষণাৎ চাওদাং দুটাই ৰাঘৱক বান্ধিলে। ৰাঘৱে ক’লে,—“মোৰ দোষ এই বৰলৈ ক্ষমা কৰক। মই আহি—

 বৰবৰুৱা।—সাৱধান! বক বক নকৰিবি, নতুবা মূৰ যাব। চাওদাং, চমটা লগা৷