এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



ত্ৰয়োদশ অধ্যায়।

ৰাঘৱ মৰাণ।

 দুপুৰীয়া বেলিৰ খাওঁ খাওঁ মূৰ্ত্তি। ৰংপুৰৰ ৰাজ আলিত ক’তো জন-প্ৰাণী নাই! আলিৰ দুয়ো কাষে গছ-গছনিৰ মাজত মানুহৰ ঘৰ, তাৰ পৰাই মাজে মাজে যি মানুহৰ মাত শুনা গৈছে। এনে সময়ত এজন মানুহ ৰজাৰ নগৰৰ ফালৰ পৰা আহি আছিল। মানুহজন শকত আৱত; গাত সাধাৰণ মানুহ তিনি-চাৰিজনৰ বল আছে; চকুৰ দৃষ্টি তীব্ৰ। সাজ-পাৰ সাধাৰণ ভাল মানুহৰ নিচিনা।

 হলঙাহলঙ্ খোজেৰে তেওঁ আগ বাঢ়িব লাগিছে। তেওঁৰ বোধ কৰোঁ কিবা লৰালৰি কাম আছে, নহ’লে বহুত দূৰৈলৈ যাব লাগিব; কিয়নো তেওঁ ইমান বেগাই গৈছে যে সম্মুখৰ বাহিৰে আন কোনো ফাললৈ লক্ষ্য কৰা নাই। কিছুমান বাট এনেকৈ যোৱাৰ পাচত হঠাৎ পিচ ফালে শব্দ শুনি তেওঁ চকখাই উঠিল। পিচ মুহূৰ্ত্ততে দুটা চাওদাঙে আগ ভেটি ধৰি সুধিলে,—“তই কোন?”

 মানুহজনে বিৰক্তিৰে উত্তৰ দিলে,—“মই যেয়ে হওঁ, তহঁতক কেলেই? মই এটা বাটৰুৱা।”

 এই দৰে কৈয়েই তেওঁ যাব খুজিলে। কিন্তু চাওদাঙে বাধা দি সুধিলে,—“তোৰ নাম কি?”