এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৯
লখিমী

টানি-আজুৰি ভাল কৰিব খোজে সিমানেই আভজা হৈহে পৰে। ইয়াৰ ভিতৰতে তেওঁ ডেকালৈ কেইবাবাৰো চকু ঘূৰাব লগা হৈছিল। গাভৰুৰ আহুকাল অনুমান কৰিয়েই হ’ব পায় ডেকাই ইমানতে সেই ঠাই এৰিলে। গাভৰুৱে তেতিয়া চাৰিওফাললৈ চকু ৰাখি তিতা কাপোৰ আধা চেপা কৰি ল’লে আৰু পাৰত আগতে পানী ভৰাই থোৱা কলহটো কাষত লৈ ঘৰলৈ খোজ ল’লে। ডেকা যদিও গাভৰুৱে নেদেখা হৈ আছিল, তথাপি সেই ঠাই এৰি একেবাৰেই যোৱা নাছিল। এতিয়া গম নলগোৱাকৈ গাভৰুৰ পিচ ল’লে, আৰু পাদক্ষেপৰ লগে লগে সঞ্চালিত পশ্চাদ্ভাগত দৃষ্টি নিবদ্ধ কৰি আগ বাঢ়িল।

 গাভৰু গৈ ওচৰৰে ঘৰ এখনত সোমাল। ডেকাই ঘৰখন চিনি থৈ বাটে বাটে আন ফালে দি গ’ল।

 ইয়াৰ পাচত এই ডেকা গাভৰু যুগলৰ এনে অভিনয় মাজে- সময়ে চলি থাকিবলৈ ধৰিলে। ডেকাই কেতিয়াবা কপৌ ফুল, কেতিয়াবা বকুল ফুলৰ মালা, কেতিয়াবা আন বস্তু গাভৰু উঠি অহা বাটত থৈ আঁৰত লুকাই থাকে। গাভৰুৱে সেইবোৰ দেখে আৰু সেইবোৰ যে সেই ডেকাৰ উপহাৰ তাকো বুজে। প্ৰথমতে তেওঁ সেইবোৰ চায়েই গুচি গৈছিল; তুলি লোৱা নাছিল।

 এই গাভৰুগৰাকীৰ নাম লখিমী, টাৰিমুৱা ভণ্ডাৰী বৰুৱাৰ জীয়েক। ডেকাজন হৈছে নাহৰৰ পুতেক ৰমাকান্ত। ৰমাকান্ত মাজে মাজে কিবাকিবি কামত নগৰলৈ আহে আৰু কাম শেষ হ’লেই গুচি যায়। কিন্তু লখিমীক দেখিবৰ দিনাৰে পৰা তেওঁ