এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



দ্বাদশ অধ্যায়।

লখিমী।

 ৰংপুৰ নগৰৰ সীমাত দিখৌ নৈ। নগৰৰ বহুতো মানুহে ইয়াৰ পৰাই পানী খায়; ইয়াতে গা ধোৱে, কাপোৰ ধোৱে। ইপাৰৰ পৰা সিপাৰ হবলৈ বহুতো ঘাট আছে। দিনৌ বহুতো মানুহ এই বোৰ ঘাটে দি অহা যোৱা কৰে।

 এদিন ৰাতিপুৱা এপৰমান সময়ত এজন ডেকা মানুহ এটা ঘাটেদি নগৰৰ ফাললৈ পাৰ হ’ল। মানুহজন হৃষ্ট-পুষ্ট, বৰণ একপ্ৰকাৰ বগাকে বুলিব পাৰি; হাত-ভৰি, চকু-কাণ, নাক-মুখ সকলো গঢ়িত। নৈৰ দাঁতিয়ে দি গৈ থাকোঁতে এবাৰ নৈৰ ফাললৈ তেওঁৰ চকু পৰিল আৰু লগে লগেই গতি বন্ধ হ’ল। লাহে লাহে তেওঁ পাৰৰ গছ এজোপাৰ তললৈ গ’ল। তেওঁৰ চকু থাকিল পানীৰ ফালে।

 তেতিয়া নৈত গা ধুই এগৰাকী গাভৰু তিতা তিয়নিৰে ওপৰলৈ উঠি আহিছিল। গাৰ কাপোৰ গাত লিপিট খাই ধৰাত তেওঁৰ গতি ধীৰ আৰু কিছু অস্বাভাবিক হৈছিল। দীঘল ক’লা চুলিতাৰ পিঠিফালে সিঁচৰতি হৈ কলাফুললৈকে ওলমি পৰিছিল। ডেকাই চকু নভঙাকৈ গাভৰুলৈ চাই থাকিল।

 গাভৰুৱে প্ৰথমতে ডেকাক মন কৰা নাছিল; হঠাৎ চকুত পৰাত তেওঁ কিছু সঙ্কোচ বোধ কৰিলে আৰু কাপোৰ-কানি ভালকৈ ল’বৰ চেষ্টা কৰিলে। কিন্তু তিতা কাপোৰ যিমানেই