এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৭
নাহৰ খোঁৰা

অপমান বিচাৰ কৰিবলৈ আহিছ! তই জান নে কীৰ্ত্তিচন্দ্ৰৰ ক্ৰোধৰ হাতৰ পৰা সৰুৱাবলৈ তোৰ ডাঙৰীয়া হে নালাগে স্বৰ্গদেৱৰো সাধ্য নাই?”

 নাহৰে কোনো উত্তৰ নিদিলে। বৰবৰুৱাই আকৌ ক’বলৈ ধৰিলে,-“তহঁতৰ মৰাণ, মটক আটাইবোৰে অষ্টভুজৰ লগ লৈ মোক অপমান কৰিবলৈ ফন্দী কৰিছ। তহঁতেই মোৰ প্ৰধান শত্ৰু। কিন্তু মনত ৰাখিবি মই কীৰ্ত্তিচন্দ্ৰ। তহঁতক এনে শিক্ষা দিম যাক এই জীৱনত পাহৰিব নোৱাৰ। চাওদাং!”

 তিনটা চাওদাং চাপি আহিল। বৰবৰুৱাই ক’লে,— “ইয়াৰ কাণ দুখন কাট।”

 চাওদাঙে তেতিয়াই নাহৰক ধৰি কাণ দুখন কাটি দিলে; তেজৰ ধাৰত তেওঁৰ কাপোৰ-কানি ৰঙা হৈ গ’ল।

 কাণ কাটিলত যদিও নাহৰৰ মূৰ্ত্তি ভীষণ হৈ উঠিছিল তথাপি তেওঁ মুখেৰে একো নক'লে। বৰবৰুৱাই ক’লে,—“যা এতিয়া। বোধ কৰোঁ এই শিক্ষা মনত থাকিব।”

 নাহৰ ওলাই গ’ল। বৰবৰুৱাই আপোনা আপুনি ক’লে, —“ এই মৰাণ জাতটো ধ্বংস কৰিব লাগিব; ইহঁতে মোক গণিতা নকৰে। ইহঁতক বুজাই দিব লাগিব আজি অসমৰ হৰ্ত্তা-কৰ্ত্তা-বিধাতা এই কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা।”

————