এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৬
গণ-বিপ্লৱ

 নাহৰ।—বনৰীয়া হাতী জানো কৰোঁ বুলিয়েই বশ কৰিব পাৰি। কিমান কষ্ট কৰি বন্ধা দিন পাৰ নৌহওঁতেই আনিছোঁ তাক মইহে জানিছোঁ।

 বৰবৰুৱা।—পাঁচোওটা আনিছা নহয়?

 নাহৰ।—হয়, আনিছোঁ।

 বৰবৰুৱা।—দুৱৰীয়ে দেখোন এটা বুলিহে ক’লে!

 নাহৰ।—ঠিকেই কৈছে। স্বৰ্গদেৱ আৰু ডাঙৰীয়া তিনি- জনৰ কেইটা গতাই দি আহিছোঁ। এতিয়া আপোনাৰ ভাগৰটোহে বাকী।

 নাহৰৰ কথা শুনি বৰবৰুৱাৰ মুখৰ বৰণ সলনি হল; ওঠ কেইটা কঁপি উঠিল; উত্তেজিত হৈ ক’লে,—“মোক জাননী নিদিয়াকৈ কাৰ আদেশ-মতে তেওঁলোকৰ ওচৰলৈ গৈছিলা?”

 নাহৰ।—মই সেই কথা ভাবিবলৈ নহ’ল; পাঁচ জনক পাঁচোটা দিলেই হ’ল বুলি ভাবিছিলোঁ। সেই দেখি মানমতে এফালৰ পৰা দি আহিছোঁ।

 নাহৰৰ কথাত উগ্ৰমূৰ্ত্তি ধাৰণ কৰি বৰবৰুৱাই বজ্ৰনাদে কবলৈ ধৰিলে,—“কি! মানমতে দিছ! মই মানত কাতকৈ কম! যি ইচ্ছা কৰিলে আজি ৰজাকো সিংহাসনৰ পৰা নমাই মাটিত বহুৱাব পাৰে, সেই কীৰ্ত্তিচন্দ্ৰৰ মান কম! সকলোৱে বাছি এৰা হাতীটোহে মোৰ যোগ্য! তই জাননে আজি এতিয়াই তোক ভৰিৰে মোহাৰি মই দেখুৱাৰ পাৰোঁ মোৰ মান, মোৰ ক্ষমতা কিমান? তই এটা সামান্য মৰাণ হৈ মোৰ মান-