এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



একাদশ অধ্যায়।

নাহৰ খোঁৰা।

 নৌকা-ভ্ৰমণৰ পৰা ঘূৰি আহিও কীৰ্ত্তিচন্দ্ৰই অষ্টভুজৰ কথাকে ভাবিবলৈ ধৰিলে। কেনেকৈ মহন্তৰ ওপৰত প্ৰতিশোধ ল’ব সেয়ে হ’ল তেওঁৰ দিন-ৰাতি চিন্তা। তেওঁ ভাবিলে মৰাণ- মটকবিলাক অষ্টভুজৰ বশ হোৱাৰ বাবেই তেওঁৰ ইমান অহঙ্কাৰ; সিহঁতক নানা ভাবে উৎপীড়ন কৰি লগ এৰুৱাব পাৰিলেই মহন্তৰ সাহ বল নোহোৱা হ’ব। ইয়াকে ভাবি তেওঁ মৰাণ-মটকৰ বিৰুদ্ধে কঠোৰ নীতি অৱলম্বন কৰিবলৈ স্থিৰ কৰিলে৷

 ইয়াৰ কেইদিনমানৰ পাচত এদিন বৰবৰুৱা চ’ৰাতে বহি আছে; কিবা এটা অন্তৰৰ দুৰ্ভাবনা তেওঁৰ বিষন্ন মুখত প্ৰকাশ পাইছে। এনেতে দুৱৰী আহি জনালে,—“দেউতা ঈশ্বৰ। এজন মানুহ আহিছে, নাম নাহৰ। লগত এটা হাতীও আনিছে।”

 বৰবৰুৱাই ক’লে,—“আহিবলৈ ক।”

 ততালিকে নাহৰ সোমাই আহিল আৰু বৰবৰুৱাক সেৱা জনালে।

 বৰবৰুৱা।—নাহৰ, তুমি ইমান পলম কৰিলা কিয়? বছৰ প্ৰায় শেষ হ’ল। এতিয়াহে তুমি আহিবলৈ সময় পালা নে?