এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৪
গণ বিপ্লৱ

বৰবৰুৱাৰ কাৰ্য্যত বাধা দিয়া দূৰৰ কথা, ৰাজ্য-পৰিচালনাৰ ভাৰো সম্পূৰ্ণৰূপে তেওঁৰ ওপৰতে ন্যস্ত কৰি নিজে বিশ্ৰাম লৈছিল। ৰাজেশ্বৰসিংহৰ বিধবসকলকে নিজৰ অন্তঃপুৰলৈ আনি বুঢ়া কালত প্ৰেমৰ স্বপ্ন দেখোঁতেই লক্ষ্মীসিংহৰ সময় গৈছিল; বৰচ’ৰালৈকো কেতিয়াবা অকস্মাৎ হে আহিছিল।

 বৰবৰুৱাক লণত নোলোৱাকৈ লক্ষ্মীসিংহ এখোজো নলৰিছিল। নাৱত ফুৰিবলৈ গ’লে, নাইবা আন কোনো ঠাইলৈ যাব লগা হ’লে ৰখীয়া-পৰীয়া লৈ বৰবৰুৱাও যাব লাগিছিল। কোনোবাই ৰজাক সাক্ষাৎ কৰিব লগা হলে আগ ধৰি বৰবৰুৱাৰ অনুমতি লৈহে তেনে কৰিব পাৰিছিল।

 ৰজা হোৱাৰ কিছু দিনৰ পাচতে লক্ষ্মীসিংহ বৰবৰুৱাৰে সৈতে নাৱত ফুৰিবলৈ গৈছিল। দিখৌৱে দি উজাই গৈ তেওঁলোকে এটা ঘাটত নাও বান্ধিলে। দৈবক্ৰমে সেই ঠাইতে নৈৰ পাৰত অষ্টভুজে বাহৰ কৰি আছিল। ৰজাক দেখি সম্ভ্ৰম দেখুৱাই তেওঁ আশীৰ্ব্বাদ কৰিলে, কিন্তু বৰবৰুৱাক একো নকলে। বৰবৰুৱাই তাত অপমান বোধ কৰিলে আৰু ভকত- সকলৰ আগতে অষ্টভুজক অতি অকথ্য ভাষাৰে গালি পাৰিলে, আৰু তেওঁক অপমান কৰাৰ পোটক তুলিব বুলি বৰকৈ হুমিয়ালে। অকল মহন্তকেই নহয়, গোটেই মায়ামৰীয়া সম্প্ৰদায়টোকে ভালকৈ শিকনি দিব বুলি প্ৰতিজ্ঞাও কৰিলে। ৰজাই ইমানতো একো নামাতিলে। অষ্টভুজে সকলো কথা নীৰৱে সহ্য কৰি থাকিল।

————