পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
কীৰ্ত্তি-বৰবৰুৱা

কীৰ্ত্তিচন্দ্ৰই আগৰ ৰজাৰ দিনতে তেওঁৰ অসীম ক্ষমতাৰ ব্যৱহাৰ কৰি সৰ্ব্বসাধাৰণৰ মনত আতঙ্ক জন্মাই থৈছিল; এতিয়া সেই কাৰণেই ভয়তে সৰহ ভাগ তেওঁৰ ফলীয়া হ’ল। সৈন্য- সেনাপতি আদি আগৰে পৰা তেওঁৰ অধীনত। তাৰ ফলত কীৰ্ত্তিচন্দ্ৰৰ কথামতেই কাম হ’ল। লক্ষ্মীসিংহই সিংহাসন লাভ কৰিলে। এই কাৰ্য্যত ডাঙৰীয়াসকল বিষণ্ণ হ’ল; পৰ্ব্বতীয়া গোসাঁয়েও তেওঁক ৰজা বুলি স্বীকাৰ নকৰিলে আৰু দীক্ষা নিদিলে। লক্ষ্মীসিংহই তেতিয়া ৰমানন্দ নামে আন এজন বঙালী শাক্ত ভট্টাচাৰ্য্যৰ ওচৰত দীক্ষা ল’লে। এই জনেই ন গোসাঁই।

 কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা এজন ৰাজনীতিজ্ঞ পুৰুষ, কিন্তু তেওঁৰ জন্মগত দোষে কেতিয়াবা কেতিয়াবা তেওঁক অবাটে লৈ গৈছিল যেয়ে যিহকে কওক বা কৰক, তাত তেওঁৰ কিবা অপমান হ’ল নে নহ’ল, তাকেহে তেওঁ প্ৰধানকৈ লক্ষ্য কৰাত লাগিল। কোনোবাই ফুচফুচাই কথা পাতিলে তেওঁ ভাবে তেওঁৰ আঁতি- গুৰি সম্পৰ্কেহে আলচ কৰিছে। কোনোবাই কিবা কাৰণত হঁহা দেখিলে তেওঁকে হঁহা বুলি ভাবি লয়। নিতান্ত সৰল মানুহে কেতিয়াবা ৰজাঘৰীয়া নিয়ম নজনাত যদি কিবা ঘাটি লগায়, তাকো তেওঁ তেওঁৰ অপমানৰ বাবেই কৰা হৈছে বুলি অনুমান কৰিছিল। এনেকৈয়ে হোৱাই নোহোৱাই মান- অপমানৰ সপোন দেখি তেওঁ বহুত সময়ত নিতান্ত নিৰ্দ্দোষ মানুহৰ প্ৰতিও নৃশংস ব্যৱহাৰ কৰিছিল আৰু তাৰ ফলত সৰ্ব্বসাধাৰণৰ বিৰাগভাজন হৈ পৰিছিল। লক্ষ্মীসিংহই