এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫২
গণ-বিপ্লৱ

ক্ষমতা সহিব নোৱাৰি নুমলী বৰগোহাঁয়ে চকৰিফেঁটী নামেৰে বুৰঞ্জী এখন লিখি কীৰ্ত্তিচন্দ্ৰৰ আঁতি-গুৰি উলিয়াই তেওঁক জলমবটা বুলি প্ৰচাৰ কৰি দিলে। কীৰ্ত্তিচন্দ্ৰই ক্ষমতাৰ বলত সাক্ষী গোটাই সেই কথা মিছা বুলি প্ৰমাণ কৰিলে। তাৰ পাচত বুৰঞ্জীবিলাকত মিছা কথা লিখে বুলি যাৰ ঘৰত যিমান বুৰঞ্জী পালে সোপাকে আনি জন্মেজয়ৰ সৰ্পমেধ যজ্ঞৰ দৰে বুৰঞ্জীমেধ যজ্ঞ পাতিলে আৰু অসম-গৌৰৱৰ প্ৰধান সম্বল বহুতো বুৰঞ্জীত অগ্নি-সংযোগ কৰি ভস্মীভূত কৰিলে। বৰবৰুৱাক ৰজাই সমৰ্থন কৰাত আন বিষয়াসকলে তাত বাধা দিব নোৱাৰিলে।

 ৰাজেশ্বৰ সিংহ স্বৰ্গী হোৱাত কোন ৰজা হ’ব এই বিষয়ে আকৌ মত ভেদ হ’ল। ডাঙৰীয়াসকলে স্বৰ্গীয় ৰজাৰ জ্যেষ্ঠ পুত্ৰক সিংহাসনত বহুৱাবলৈ স্থিৰ কৰিলে, কিন্তু কীৰ্ত্তিচন্দ্ৰ তাৰ বিৰুদ্ধে থিয় হৈ লক্ষ্মীসিংহক ৰজা পাতিবলৈ উঠি পৰি লাগিল। ডাঙৰীয়াসকলে ভাবিছিল স্বয়ং ৰুদ্ৰসিংহ স্বৰ্গদেৱে যেতিয়া লক্ষ্মীসিংহক পুত্ৰ বুলি স্বীকাৰ কৰা নাই, তেওঁক সিংহাসনত বহুওৱা উচিত নহব। কীৰ্ত্তিচন্দ্ৰই ভাবিছিল আন ৰকমে। তেওঁ ভাবিছিল যদি ডাঙৰীয়াসকলৰ বাছনি মতে ৰাজেশ্বৰৰ পুত্ৰ সিংহাসনত বহে, তেন্তে তেওঁৰ ক্ষমতা কমি যাব, আৰু তেওঁৰ আঁতি-গুৰি সম্পৰ্কে আকৌ কথা ওলাব। কিন্তু লক্ষ্মী- সিংহৰ নিজৰ গাতে যেতিয়া গোধ আছে, তেওঁ বৰবৰুৱাৰ গোধ নিবিচাৰি তেওঁৰ আঁৰত লুকাবলৈহে বিচাৰিব। দুয়ো ফালে এনেকৈ মত ভেদ হোৱাত দুটা দল গঠিত হ’ল।