পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
বাহিনী-গঠন

লাগিব। তেতিয়া আমাৰ জয়লাভ সহজ হ’ব, আৰু যদি কেনেবাকৈ হাৰিব লগাও হয় সকলো একেলগেই মৰিব পাৰিম।

 ৰুক্মিণী।—ঠিক কথা। পুৰুষসকলে পুৰুষক শিক্ষা দিওক, আমি তিৰুতাক শিক্ষা দি নাৰী-বাহিনী গঠন কৰোঁ। মতা- তিৰুতা লগ লাগি আগ বাঢ়িলে কোনো ৰাজ শক্তিয়ে আমাৰ গতিৰোধ কৰিব নোৱাৰে।

 নাহৰেও তেওঁলোকৰ কথা সমৰ্থন কৰিলে। তেতিয়া এইটোৱেই স্থিৰ হ’ল যে এফালে ৰাধা আৰু ৰমাকান্ত আৰু আন ফালে ৰাঘৱ আৰু ৰুক্মিণীয়ে কাম আৰম্ভ কৰিব। প্ৰত্যেক গাৱঁলৈ গৈ তেওঁলোকে দিনত তিৰুতাৰ আৰু ৰাতি মতাৰ সবাহ পাতি নাম-কীৰ্ত্তন কৰিব, আৰু তাৰ লগে লগে যুদ্ধৰ শিক্ষা দিব। তেতিয়া হলে আন মানুহে সন্দেহ কৰিবলৈকো চল নাপাব। সকলো একমত হোৱাত সেই মতেই পিচ দিনাৰ পৰা কাম আৰম্ভ হ’ল।