পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
গণ-বিপ্লৱ

 

শুনি যদিও সন্তোষ পালে, তথাপি তেওঁলোকৰ মনৰ সন্দেহ একেবাৰেই নগ’ল। ৰাধাই ক’লে,-“ফুলেশ্বৰীৰ দিনৰে পৰা আয়োজন চলি আছে, কিন্তু কাম হ'লে একো হোৱা নাই।”

 ৰুক্মিণী।—এনেকৈ হ’লে সাজু হোৱাৰ আগতেই আমাৰ আধ্যা পৰিব।

 নাহৰ।—সেই বুলি যধে-মধে ৰজাৰ লগত ৰণ দিলে জানো কিবা লাভ হ’ব! আমাৰ আয়োজনত সন্তুষ্ট হ’ব পৰা নাই দেখিহে গুৰুৱে বাট চাব লগাত পৰিছে।

 ৰাঘৱ৷—এই বাৰ শেষ বাৰ। মই আজিৰ পবাই আমাৰ ৰণুৱা সাজু কৰিবলৈ লাগিম। সকলো আয়োজন হৈ উঠিলে গুৰুৱে আদেশ দিওক বা নিদিওক, আমি দেখাদেখিকৈ লাগি যাম।

 নাহৰ।—গুৰুৱে ভূত-ভবিষ্যৎ বুজি পায়; সেই কাৰণেই সকলো ফাললৈ চকু দি সাৱধানে চলে। হঠাৎ বিদ্ৰোহ আচৰণ কৰি যদি হাৰিব লগা হয় তেতিয়া আমাৰ কি গতি হ’ব। তেতিয়া মায়ামৰীয়াৰ চিন-ছাব পৰ্য্যন্ত হেৰাব।

 ৰাধা।—মই এটা কথা ভাবিছোঁ,—আজিয়েই হওক, বা দুই এবছৰ পাচতেই হওক ৰণ হব’ই। যদি আমি জিকোঁ, তেনেহলে কোনো লেঠা নাই। কিন্তু যদি হাৰিব লগা হয় তেন্তে পুৰুষসকল তো মৰিব’ই, তিৰুতাসকলৰো বিলাই বিপত্তিৰ সীমা নোহোৱা হ’ব। সেই কাৰণে মই কওঁ অকল পুৰুষসকল সাজু হ’লেই নহ’ব, তিৰুতাসকলো সাজু হ’ব