পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাহৰ বতৰ যাব। এতেকে এতিয়াৰে পৰা তোমালোক সকলো প্ৰকাৰে সাজু হৈ থাকাঁগৈ।

 গুৰুৰ আদেশ সকলোৱে মূৰ পাতি ল’লে। তেতিয়াই জনচেৰেক সুযোগ্য লোকক বেলেগ বেলেগ ঠাইৰ সংগঠনৰ ভাৰ দিয়া হ’ল।

 নতুন উদ্দীপনা, নতুন সঙ্কল্প লৈ পিচ দিনা সকলো শিষ্য ঘৰাঘৰি গ’ল; গুৰুৰ ইচ্ছামতে থাকিল মাথোন মৰাণৰ নায়ক নাহৰ আৰু তেওঁৰ লগতে ৰাঘৱ৷

 অষ্টভুজে নাহৰক ক’লে,—“তোমাক থাকিবলৈ কোৱাৰ বিশেষ উদ্দেশ্য আছে। যদিও মোৰ শিষ্যৰ ভিতৰত সকলো জাতৰ মানুহ আছে, তথাপি আন জাতৰ শিষ্যৰ সংখ্যা নগণ্য৷ আচলতে লেখত ল’বলগীয়া হৈছে মৰাণ আৰু মটকসকল৷ যদি আমাৰ উদ্দেশ্য সিদ্ধি হয় তেওঁলোকৰ দ্বাৰা হে হ’ব। তুমি তেওঁলোকৰ নায়ক। তেওঁলোকক যুদ্ধ-বিদ্যাত নিপুণ কৰি তুলিব লাগিব তুমিয়েই। তুমি সমাজৰ জনচেৰেক মুখিয়াল লোকৰ লগত পৰামৰ্শ কৰি কাৰ্য্য-পদ্ধতি স্থিৰ কৰিবা। এনে- ভাবে সকলোকে সাজু ৰাখিবা যাতে প্ৰয়োজন হোৱা মাত্ৰেই কামত লাগি যাৰ পাৰে।

 নাহৰ—প্ৰভুৰ আদেশ আখৰে আখৰে পালন কৰিম; তিনি-চাৰি মাহৰ ভিতৰতে নিশ্চয় আমি প্ৰস্তুত হ’ব পাৰিম।

 ৰাঘৱ। —মই আজিৰ পৰা সকলো কাম এৰিলোঁ, কাঁড়- ধেনু, যাঠি-জোং, তৰোৱাল আদিৰ ব্যৱহাৰত মোক কোনো ৰজাঘৰীয়া ৰণুৱাই বলে নোৱাৰে। সকলো মৰাণ-মটককে