পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 “গণ-বিপ্লৱ” যদিও বুৰঞ্জীৰ ভেটিত প্ৰতিষ্ঠিত, তথাপি ই বুৰঞ্জী নহয়, উপন্যাস হে। বুৰঞ্জীৰ অন্তৰ্নিহিত সংঘৰ্ষৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰিবলৈ ইয়াত চেষ্টা কৰা হৈছে।

 এই পুথিৰ লাগতিয়াল সঁজুলি মিঃ গেইটৰ “হিষ্টৰি অৱ আসাম,” ৺পদ্মনাথ গোহাঞি বৰুৱাৰ “অসমৰ বুৰঞ্জী” আৰু “শ্ৰীশ্ৰীঅনিৰুদ্ধ- দেৱৰ চৰিত্ৰ আৰু মায়ামৰা সত্ৰৰ গোঁসাই সকলৰ বংশাৱলীৰ” পৰা গোটোৱা হৈছে। এইবোৰৰ বাহিৰেও মাজে মাজে কাকতে পত্ৰই ওলোৱা কোনো কোনো লেখকৰ প্ৰবন্ধৰ পৰাও দুই এটা কথা সংগ্ৰহ কৰা হৈছে। সেই বাবে সেই সকলোলৈকে শলাগৰ শৰাই আগবঢ়ালোঁ।

 এই পুথিত গণ-বিপ্লৱৰ যি পৰিণাম দেখা গৈছে তাতেই ঘটনাৰ অন্ত হোৱা নাই। ইয়াৰ পিচতেই নতুন বিপ্লৱৰ সূচনা আৰু তাৰ বিপৰীত পৰিণতি। সেই সম্পৰ্কে লাগতিয়াল সঁজুলি গোটাবলৈ সময় আৰু সুবিধা পালে ইয়াৰ পৰিশিষ্টস্বৰূপে আৰু এখন উপন্যাস প্ৰকাশ কৰিবৰ মন আছে। অৱশ্যে সি ভবিষ্যতৰ গৰ্ভত।


তেজপুৰ।
১৯ কাতি, ১৮৬৯ শক।
বিনীত—
গ্ৰন্থকাৰ।