এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৩
বৰ-ভেটি

 নিৰ্দিষ্ট দিনত খেৰ, কামি আৰু বেত লৈ সকলো শিষ্য অষ্টভুজৰ ওচৰত উপস্থিত হ’ল। অষ্টভুজ তেওঁলোকক মালৌ পথাৰলৈ নি ক’লে,—“মই এটা নামঘৰ সাজিব খুজিছোঁ। প্ৰথমতে ভেটিটো বান্ধিব লাগে; তাত প্ৰত্যেক জনে মাত্ৰ এচপৰাকৈ মাটি দিব লাগিব আৰু তেনে ভাবে যিমান ঠাই জোৰে সিমানখিনিৰ ওপৰতে নামঘৰটো হ’ব।”

 গুৰুৱে আদেশ দিয়াৰ লগে লগে নিজে এচপৰা মাটি দিলে। তেতিয়াই সকলো শিষ্য হাতে-কামে লাগি গ’ল আৰু চাওঁতে চাওঁতেই ত্ৰিশ নল দীঘল, দহ নল বহল আৰু ষাঠি হাত ওখ এটা ঘৰৰ ভেটি হৈ পৰিল। এই ভেটিৰ ওপৰত খুটা চ’তি লগাই শিষ্যসকলে লগত অনা সঁজুলিৰে নামঘৰ উলিয়াই পেলালে। অষ্টভুজৰ মনত পৰম আনন্দ মিলিল।

 ঘৰটো প্ৰতিষ্ঠা কৰি তাত বৰ সবাহ পতা হ’ল আৰু সকলোৱে মিলি নাম-কীৰ্ত্তন কৰি প্ৰসাদ ল’লে।

 সবাহ ভগাৰ পাচত সকলোকে সম্বোধন কৰি চতুৰ্ভুজে ক’লে,—“ভকতসকল! দিন-কালৰ গতি-গোত্ৰ কেনে হৈছে তোমালোকে দেখিছা৷ কি ৰজা, কি বামুণ, সকলোৰে আমি চকুৰ কুটা, দাঁতৰ শাল। কেতিয়া কি হয় ক’ব নোৱাৰি। সেই কাৰণেই মই তোমালোকৰ শক্তিৰ পৰীক্ষা কৰিলোঁ; দেখিলোঁ তোমালোকৰ শক্তি সাধাৰণ নহয়। এতিয়া আমাৰ এই ঐক্যবদ্ধ শক্তি এনেভাবে গঢ়ি তুলিব লাগে যাতে প্ৰয়োজন হলে, আনৰ কথাই নকওঁ, ৰাজশক্তিৰ বিৰুদ্ধেও থিয় দিব পাৰোঁ। মূৰামূৰিলৈ বাট চালে ফাল চাঁচোঁতেই