এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪২
গণ-বিপ্লৱ

প্ৰত্যেকেই জ্যেষ্ঠানুক্ৰমে সিংহাসনত বহে। সেই মতে প্ৰমত্তসিংহৰ পাচত ৰজা হ’ব লাগিছিল মোহনমালা। কিন্তু তেওঁ পৰ্ব্বতীয়া গোসাঁইক গুৰু লোৱা নাছিল। সেই বাবে শাক্ত বিষয়া আৰু ব্ৰাহ্মণসকলে কেনেকৈ তেওঁক সিংহাসনৰ অযোগ্য কৰিব তাৰ উপায় বিচাৰিবলৈ ধৰিলে। তেওঁক ৰজা বুলি স্বকাৰ কৰিবলৈ পৰ্ব্বতীয়া গোসাঁয়ো অসম্মত হ’ল। শেহত এটা উপায় ওলাল। মোহনমালাৰ সৰুতে আই ওলাইছিল আৰু তাৰ ফলত মুখত দুটামান গুটি সাঁচ আছিল। ইয়াকে চেলু লৈ ডাঙৰীয়া আৰু বিষয়াসকলৰ সৰহ ভাগে তেওঁক ঘুণীয়া বুলি ৰাজ পাটৰ অযোগ্য কৰিলে আৰু ভায়েক ৰাজেশ্বৰ সিংহক সিংহাসনত বহুৱালে। মোহনমালা নাম- ৰূপলৈ নিৰ্ব্বাসিত হ’ল।

 ব্ৰাহ্মণসকলৰ যত্নতেই মোহনমালাৰ প্ৰাপ্য সিংহাসন অধিকাৰ কৰিবলৈ সমৰ্থ হোৱাত ৰাজেশ্বৰ সিংহ তেওঁলোকৰ ওচৰত কৃতজ্ঞ আছিল। তাৰ ফলস্বৰূপে ইমান দিন তল পৰি থকা বৈষ্ণব-নিৰ্য্যাতনে আকৌ দেখা দিলে। অষ্টভুজৰ গা বাছিল; আকৌ ফুলেশ্বৰীৰ দিন ঘূৰি আহিব বুলি তেওঁৰ মনত আশঙ্কা জন্মিল। মূৰামূৰিলৈ বাট নাচাই আগ ধৰি সতৰ্ক হৈ থকা ভাল বুলি তেওঁৰ মনত খেলালে। তেওঁ সকলো শিষ্যকে এক মুঠ কৰিবলৈ আৰু নিজৰ শক্তি জুখি চাবলৈ মন মেলিলে। সেইমতেই এটা নিৰ্দিষ্ট দিনত প্ৰত্যেকেই এটা খেৰ, এটা কানি আৰু এটা বেত-সূত লৈ তেওঁৰ ওচৰলৈ আহিবলৈ তেওঁ সকলো শিষ্যকে আদেশ জনালে।