পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
বৰ ভেটি

অনুতাপ কৰি ভগৱন্তৰ চৰণত কাকূতি কৰাত ধাতু গ’ল। চতুৰ্ভুজৰ কথা আখৰে আখৰে ফলিয়ালে।

 ফুলেশ্বৰীৰ মৃত্যুৰ পিচত শিৱসিংহই সলাল গোহাঁইৰ ভাৰ্য্যা অম্বিকাদেবীক আনি বৰকুৱঁৰী পাতি সিংহাসনত বহুৱালে আৰু তেওঁৰ মৃত্যুৰ কালু-গঞা বৰপাতৰৰ ভাৰ্য্যাক আনি শূন্য ঠাই পূৰ্ণ কৰিলে। এওঁলোকৰ দিনত বৈষ্ণৱৰ ওপৰত কোনো অত্যাচাৰ হোৱা নাছিল। ফুলেশ্বৰীৰ দুৰ্গতি দেখি- শুনি তেওঁলোকৰ মনত যি ভয় সোমাইছিল, ব্ৰাহ্মণ দৈবজ্ঞৰ পৰামৰ্শই তাক আঁতৰাব নোৱাৰিলে।

 শিৱসিংহৰ মৃত্যুৰ পাচত ৰজা হ’ল তেওঁৰ ভায়েক প্ৰমত্ত সিংহ। এওঁৰ দিনতো মহন্তৰ ওপৰত কোনো নিৰ্য্যাতন হোৱা নাছিল।

 প্ৰমত্তসিংহৰ দিনতেই চতুৰ্ভুজৰ লোকান্তৰ ঘটে আৰু তেওঁৰ পুত্ৰ অষ্টভুজ মায়ামৰা সত্ৰৰ অধিকাৰ হয়। পিতাকৰ দৰেই এৱোঁ এজন জ্ঞানী আৰু ধৰ্ম্মনিষ্ঠ সন্ত আছিল।

 মায়ামৰীয়াৰ আয়োজন সম্পূৰ্ণ নৌ হওঁতেই ফুলেশ্বৰীৰ লোকান্তৰ হোৱাত আৰু তাৰ পাচৰে পৰা অত্যাচাৰ বন্ধ হোৱাত, মায়ামৰীয়াবিলাকেও তেওঁলোকৰ উদ্যম ঢিলাই দিলে; কিন্তু তেওঁলোকৰ যি সংগঠন হ'ল সি স্থায়ীভাবে ৰৈ গ’ল।

 প্ৰমত্তসিংহ স্বৰ্গী হ’লত কোন ৰজা হ’ব এই বিষয়ে এটা সমস্যা উপস্থিত হ’ল। স্বৰ্গদেৱ ৰুদ্ৰসিংহই মৃত্যুকালত এই মৰ্ম্মে ইচ্ছা প্ৰকাশ কৰিছিল যেন তেওঁৰ পুত্ৰসকলৰ ভিতৰত