এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অষ্টম অধ্যায়

বৰ ভেটি।

 ফুলেশ্বৰীয়ে অতি নিষ্ঠুৰভাবে মায়ামৰীয়া মহন্তৰ বহুতো শিষ্য বধ কৰিলে। যদিও সকলো মায়ামৰীয়াই ৰজাৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰকাশ্যে থিয় দিবলৈ সঙ্কল্প কৰিছিল, তথাপি আয়োজন সম্পূৰ্ণ হৈ নুঠাত গুৰুৱে অনুমতি নিধিলে। চতুৰ্ভুজে ক’লে,—“এতিয়াও ৰজাৰ লগত যুঁজিবৰ জোখাই আমাৰ আয়োজন হৈ উঠা নাই; সেই কাৰণে ভগৱন্তৰ বিচাৰৰ ওপৰত নিৰ্ভৰ কৰি মনে মনে থকাই ভাল।”

 গুৰুৰ কথা মতে মায়ামৰীয়াই বাধ নিদিলে; কিন্তু ফুলেশ্বৰীৰ অত্যাচাৰে বেচি দিন চলিব নোৱাৰিলে। কেই মাহমানৰ তেওঁৰ প্ৰসৱ বেদনা উপস্থিত হ’ল। যন্ত্ৰণাত তেওঁৰ তৎ নোহোৱা হ’ল; চিঞৰত গগন ফালিলে; গোটেই নগৰত হুলস্থুল লাগিল। বেজবৰুৱাই ঔষধ দিলে; বেজে জৰা-ফুৰা কৰিলে; বামুণে পূজা পাটল, হোম-যজ্ঞ কৰিলে; দৈবজ্ঞই নবগ্ৰহৰ পূজা পাতিলে; দেৱালয় বিলাকত ভোগ দিয়া হ’ল। কিন্তু একোৱেই গুণ নিদিলে। দিনে দিনে যন্ত্ৰণা বাঢ়িবলৈ ধৰিলে; দেহৰ শক্তি লোপ পালে; প্ৰাণ কণ্ঠাগত হ’ল। এনেকৈয়ে ফুলেশ্বৰী কুঁৱৰীয়ে দহ-বাৰ দিন যমৰ যাতনা ভোগ কৰিলে। শেহত নিজৰ কৃতকৰ্ম্মৰ বাবে