এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৯
অভিশাপ

নহয়; কোমোৰাৰ দৰে এক মাংসপিণ্ড হ’ব। তাকো প্ৰসৱ কৰিব নোৱাৰি বহুত দিন নিকাৰ ভুঞ্জাৰ পাচত আপোনাৰ ধাতু যাব।”

 ফুলেশ্বৰীৰ মনত ভয় সোমাল; মুখ ক’লা পৰিল; চতুৰ্ভুজক বধ কৰিবলৈ চাওদাঙৰ হাতত দিলে।

 ৰাজ গুৰু কৃষ্ণৰাম ভট্টাচাৰ্য্য তাত উপস্থিত আছিল। ৰাণীৰ কাৰ্য্যত বাধা দি তেওঁ ক’লে,—আপুনি আগতে প্ৰতিশ্ৰুতি দিছে যে কথা নিমিলিলে হে প্ৰাণদণ্ড দিব, এতিয়া তেওঁৰ কথাৰ প্ৰমাণ নোচোৱাকৈ শাস্তি দিলে আপোনাৰ কথাৰ কোনো মূল্য নাথাকে। সেই কাৰণে সম্প্ৰতি তেওঁক এৰি দিয়ক। শাস্তি দিয়াৰ প্ৰয়োজন হলে পিচতো দিব পাৰিব।”

 গুৰুৰ আদেশ অমান্য কৰিব নোৱাৰি শেহত ফুলেশ্বৰীয়ে চতুৰ্ভুজক মুক্তি দিলে, কিন্তু তেওঁৰ প্ৰতি শক্ৰতা আগতকৈও বাঢ়িল।