পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
মহাষ্টমী পূজা

পেলালে। সকলোৰে কপালত তেজৰ ফোঁট দিয়া হ’ল। তাৰ পাচত কুৱঁৰীয়ে তেওঁলোকক প্ৰসাদ ল’বলৈ ক’লে, কিন্তু কোনেও হাত নাপাতিলে। তেতিয়া গাৰ বলেৰে মুখ মেলি প্ৰসাদ কটিয়াই দিয়া হ’ল। সকলো কাম শেষ হ’লত ফুলেশ্বৰীয়ে ক’লে,—“সেৱা কৰিব নোৱাৰ! এতিয়া পাৰিলি দেখোন! তহঁতৰ মোৱামৰীয়াহঁতক ভালকৈ এশিকনি দিব লাগিব। তহঁত বিদ্ৰোহী। আজি তহঁতৰ আটাইকেইটাৰ মূৰ কাটি গোসাঁনীৰ আগত দিয়া উচিত আছিল। পিচে আজিলৈ থাওক, শুভ কাৰ্য্যত বিঘিনি নঘটাওঁ। ইয়াৰ বিচাৰ পিচত কৰিম।”

 চতুৰ্ভুজে একো নামাতিলে; ধীৰে ধীৰে সেই ঠাই এৰি ঘৰলৈ খোজ ল’লে।


———