পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
গণ-বিপ্লৱ

 ফুলেশ্বৰী।—নোৱাৰিবা।! মোৰ আদেশ পালন কৰিব নোৱাৰিবা।

 চতুৰ্ভজ।—নোৱাৰোঁ।

 ফুলেশ্বৰী।-পাৰিবা। পাৰিবই লাগিব।

 চতুৰ্ভুজ।—প্ৰাণ থাকোতে নোৱাৰোঁ।

 ফুলেশ্বৰী।—কি? ইমান স্পৰ্ধা! এটা সামান্য প্ৰজা হৈ ৰজাৰ আদেশ অমান্য কৰিবলৈ সাহ! তোৰ উপযুক্ত শাস্তি প্ৰাণদণ্ড।

 চতুৰ্ভুজ।—সজ কথা। ধৰ্ম্ম এৰাতকৈ প্ৰাণ এৰা অতি সহজ।

 ফুলেশ্বৰী।—নহয়, আজি তোৰ প্ৰাণদণ্ড নহয়। তেতিয়া হ'লে তোৰ অহঙ্কাৰ চূৰ্ণ নহ’ব। চাওদাং! ইহঁতক ধৰি গোসাঁনীৰ আগলৈ লৈ ব’ল।

 ততালিকে গুৰু-ভকত আটাইকেইজনকে তিনি-চাৰিটাকৈ চাওদাঙে ধৰি টানি নলে। ফুলেশ্বৰীও লগে লগে গ’ল।

 গোসানী আৰু তেওঁৰ আগত কটা মূৰৰ দ’ম দেখি চতুৰ্ভুজৰ গাৰ নোম শিয়ঁৰি উঠিল, চৈতন্য-বিলোপ হওঁ হওঁ হ’ল। তেওঁ চকু মুদিলে আৰু বিষ্ণু বিষ্ণু স্মৰণ কৰিবলৈ ধৰিলে।

 চতুৰ্ভুজ বা ভকত কেইজনে কোনো মতেই গোসানীক সেৱা কৰিবলৈ সম্মত নোহোৱাত ফুলেশ্বৰীয়ে গাৰ বলেৰে সেৱা কৰাবলৈ চাওদাঙক আদেশ দিলে। আদেশ পাই চাওদাংহঁতে আটাইকেইজনকে গোসাঁনীৰ আগত দীঘলকৈ