এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩২
গণ-বিপ্লৱ

নিজেই পূজাৰ তত্ত্বাৱধান লৈছে। তেওঁৰ প্ৰধান উদ্দেশ্য হৈছে সকলো গোসাঁই-মহন্ত আহিছে নে নাই তাক লক্ষ্য কৰা। গোসাঁই-মহন্তকলৰ তালিকা প্ৰস্তুত কৰি সেই মতে নিমন্ত্ৰণ কৰা হৈছিল আৰু এতিয়া অহাসকলৰ নামত চিন দি ৰখা হৈছিল। তালিকা চাই তেওঁলোকে দেখিলে মায়ামৰীয়া মহন্ত চতুৰ্ভুজৰ বাহিৰে আন সকলোৱে নিমন্ত্ৰণ ৰক্ষা কৰিলে আৰু প্ৰথমতে আপত্তি কৰিছিল যদিও পিচত কুৱঁৰীৰ আদেশ মানি গোসাঁনী সেৱা কৰি প্ৰসাদ ল’লে। এতিয়া চতুৰ্ভুজ আহে নে নাহে তালৈকে তেওঁলোক তাপেক্ষা কৰি থাকিল আৰু যদি নিতান্ত নাহে তেন্তে ধৰাই অনাৰ দিহাও কৰি ৰাখিলে।

 অলপ পাচতে জনচেৰেক ভকত লগত লৈ চতুৰ্ভুজ আহিল আৰু বাট চ’ৰা পাৰ হৈয়েই থকা খাই ৰ’ল। চাওদাংহঁতে তেওঁক প্ৰতিমাৰ ওচৰলৈ নিব খুজিলত তেওঁ ক’লে,—“আগতে মই আই কুৱঁৰীৰ লগত সাক্ষাৎ কৰিব খোজোঁ৷”

 চাওদাংহঁতে তেওঁৰ কথালৈ কাণ নি দি গালি-শপনি পাৰি বলেৰে নিব খুজিলে। চতুৰ্ভুজে কিন্তু কোনোমতেই লৰচৰ নকৰিলে। উপায় নাপাই চাওদাংহঁতে কথাটো ফুলেশ্বৰীৰ কাণত পেলালে। ফুলেশ্বৰীয়ে অনিৰুদ্ধক বৰচৰালৈ নাতি পঠালে।

 তেতিয়া চতুৰ্ভুজ আগ বাঢ়িল আৰু ফুলেশ্বৰীৰ আগত উপস্থিত হ’ল। ফুলেশ্বৰীয়ে সুধিলে,—“কি হৈছে? লাগে কি?”

 চতুৰ্ভুজ।—মোৰ একো হোৱা নাই; একো নালাগেও।

আই কুৱঁৰীৰ আদেশ পালন কৰি দেখা কৰিবলৈ আহিলোঁ।