পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
গণ-বিপ্লৱ

জুৰিছে। ৰভাখনৰ ওপৰত চিত্ৰ বিচিত্ৰ চন্দ্ৰাতপ, খুটাবিলাকত চকু ৰৈ যোৱা সাজ-সজ্জা; ঠায়ে ঠায়ে প্ৰদীপৰ ব্যৱস্থা। বাট চৰাৰে পৰা বাটৰ দুয়ো কাষে কল পুলি পোতা আৰু তাত নানা প্ৰকাৰৰ বিচিত্ৰ ছবি, ফুল পাত আদি অঁৰা। মাজে মাজে মঙ্গল-ঘট স্থাপন কৰা। ৰভাৰ উত্তৰাংশত এটা অতি বিতোপন ঘৰ। তাৰ চন্দ্ৰাতপখন সোণোৱালী, মাজে মাজে হীৰা-বাখৰ পতোৱা; খুটাবিলাকতো মণি-মাণিক্য। তাৰ বাহিৰেও কিমান যে কলাবিদ্যাৰ নমুনা তাত আছে তাক কৈ অন্ত কৰিব নোৱাৰি। সকলোৰে দীপ্তি মিলি তাত এনে এটা উজ্জ্বল আলোকৰ সৃষ্টি কৰিছে যে অলপ সময় তালৈ চাই থাকিলেই চকু জলক-তবক লাগে।

 মন্দিৰৰ ভিতৰত এখনি প্ৰতিমা। প্ৰতিমাখন বৰ ডাঙৰ,—সোঁ মাজতে সিংহবাহিনী দশভুজা, দুয়ো কাষে ধন- জ্ঞান-প্ৰদায়িনী লক্ষ্মী-সৰস্বতী, দাঁতি দুটাত ময়ূৰবাহন আৰু গজানন। দেবীৰ পদতলত ছিন্নগ্ৰীব মহিষ আৰু তাৰ পৰা উদ্ভুত মহিষাসুৰৰ বিকট মূৰ্ত্তি। দেবীয়ে দশ প্ৰহৰণ লৈ মহিষাসুৰক আক্ৰমণ কৰিছে। প্ৰতিমাৰ সাজ পাৰ বহু মূলীয়া, অলঙ্কাৰ-পাতি মণি-মুকুতাৰ। সেইবোৰৰ আলোকত প্ৰতিমাৰ মুখত এক অপূৰ্ব্ব আভাই বিৰাজ কৰিছে; পুৰোহিত আদিৰ গাল-মুখত তাৰ ঢৌ উঠি তিৰবিৰাব লাগিছে।

 পূজাৰ আড়ম্বৰ বিৰাট। দিনে-ৰাতিয়ে ঢুলীয়া-খুলীয়া কালীয়া আদিৰ কোঢ়ালত নগৰ তল-ওপৰ। ৰাতিৰ নিমিত্তে যাত্ৰা-ভাওনা, নাচ-গান আদিৰ বিপুল বন্দবস্ত। এইবোৰ