পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
মহাষ্টমী পূজা

চ’ৰা দেখা যায়। বাট চ’ৰা এৰি গ’লেই ৰজাৰ বৰ চ’ৰা পোৱা যায়। ই দীঘলে ১২০ হাত, আৰু পথালিয়ে চল্লিশ হাত। ই এটা অতি বিতোপন ঘৰ। বৰ চ’ৰাৰ চাৰিও ফালে খলা অৰ্থাৎ মুকলি ঠাই। তাৰ দাঁতিয়ে দাঁতিয়ে ফুকন, বৰুৱা আদি প্ৰয়োজন মতে ৰাতি থাকিবলৈ পালি ঘৰ, আৰু বৰ চ’ৰালৈ যোৱা বিষয়াসকলৰ হাত-ভৰি ধুবৰ নিমিত্তে পানী-ছোৱা ঘৰ।

 বৰ চ’ৰাৰ পৰা কিছু দূৰতে ৰজাৰ টোল। ইয়াৰ চাৰিও ফালে ইটাৰে বন্ধোৱা ওখ গড়। গড়ৰ ভিতৰলৈ সোমাবলৈ ডঁৰিকা দুৱাৰ, কালুগঞা দুৱাৰ আৰু গোসাইঘৰীয়া দুৱাৰ নামে তিনিখন দুৱাৰ আছে। প্ৰত্যেক দুৱাৰৰ কাযত অস্ত্ৰ- ধাৰী প্ৰহৰী থাকে। ডঁৰিকা দুৱাৰেই ৰজাঘৰলৈ সোমোৱাৰ বাই বাট। বাকী দুখনৰ এখনে দি কুৱঁৰী টোললৈ, আৰু আনখনে দি গোসাঁইঘৰলৈ যাব পাৰি। এইবোৰ ঘৰ ৰজাৰ ঘৰৰ ওচৰাউচৰি। ৰজাৰ নিজৰ খোৱা ঘৰ, শোৱনি ঘৰ, ৰংঘৰ, মেলঘৰ, মৰংঘৰ, বেজ ঘৰ, বৰ ভঁৰাল আদি সকলো বিলাকেই চাং ঘৰ; চাংমাই শাল আদি হে তলত। ইয়াৰ বাহিৰেও লগুৱা, লিগিৰী, চাওদাং, চাংমাই, কুকুৰা চোৱা বৰুৱা, দোলাকাষৰীয়া বৰুৱা আদিও এই টোলতে থাকে। কেতিয়াবা কেতিয়াবা চাংমাই, বেজ, জৰা ধৰা, মৰংচোৱা আদি টোলৰ বাহিৰতো থাকে।

 বৰ চ’ৰা আৰু ৰজাৰ টোলৰ মাজত থকা খলাখনতে পূজাৰ- আয়োজন কৰা হৈছে। এখন অতি প্ৰকাণ্ড ৰভাই সেই ঠাই