এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ষষ্ঠ অধ্যায়।

মহাষ্টমী পূজা।

 ৰংপুৰ নগৰখন দিখৌ নৈৰ পাৰত। ই দীঘলে প্ৰায় তিনি মাইল, পথালিয়ে প্ৰায় এমাইল। এই নগৰত ৰুদ্ৰসিংহ স্বৰ্গদেৱে ৰাজধানী পাতছিল, আগতে গড়গাৱঁহে ৰাজধানী আছিল।

 ৰংপুৰ অতি মনোৰম নগৰ। ইয়াৰ পূব ফালে নগৰ- বাসীক পানীৰ যোগান ধৰি দিখৌ নৈ বৈ গৈছে। নগৰৰ ভিতৰত নানা কাৰু কাৰ্য্যেৰে বিতোপনকৈ সজা ঘৰবিলাক, তাৰ সম্মুখত চালে চকু ৰোৱা ফুলনি। নগৰৰ মুখতে আলিৰ দাঁতিত মুচলমান তিৰুতাবিলাকৰ ৰীহা-মেখেলা, কেৰু-মণি আদিৰ দোকানবিলাক। নগৰবাসীসকলৰ ঘৰৰ কাষত তামোল-পাণ, আম কঠাল আৰু শাক-পাচলিৰ বাৰী আছিল; সেই কাৰণে সেইবোৰ বস্তুৰ কোনো দোকান নাছিল।

 নগৰৰ পূৰ্ব্বাংশত প্ৰায় এমাইলমান জোৰাকৈ ইটাৰ গড় মৰা। এই ডোখৰেই হৈছে আচল ৰজাৰ নগৰ। ইয়াৰ দক্ষিণ, পূব আৰু পশ্চিম ফালে ক্ৰমান্বয়ে বৰ দুৱাৰ, পানী দুৱাৰ আৰু ন দুৱাৰ নামে তিনিখন দুৱাৰ আছে। বৰ দুৱাৰে দি সোমাই গলে প্ৰথমেই দুৱৰী, প্ৰহৰী আদি থকা ঘৰবোৰ পায়। তাৰ পৰা ক্ৰমশঃ আগ বাঢ়ি গৈ থাকিলে এটা বাট