পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
মায়ামৰীয়া মহন্ত
 

 যেতিয়া ফুলেশ্বৰী কুৱঁৰী বৰ ৰজা হয় তেতিয়া মায়ামৰীয়া মহন্ত আছিল চতুৰ্ভুজদেৱ। এওঁ অনিৰুদ্ধৰ পৰা কেইবা পুৰুষো পাচৰ।

 ফুলেশ্বৰীয়ে দুৰ্গাপূজা পাতি ব্ৰাহ্মণ-শূদ্ৰ সকলো মহন্তকে নিমন্ত্ৰণ কৰিলে; চতুৰ্ভুজো নিমন্ত্ৰিত হ’ল। নিমন্ত্ৰণৰ লগতে বৰ ৰজাই এইটোও জনাই দিলে যে যদি কোনো মহন্তই নিমন্ত্ৰণ ৰক্ষা নকৰে, তেন্তে চাওদাং লগাই ধৰাই অনা হ’ব, আৰু আদেশ অমান্য কৰাৰ বাবে কঠোৰ শাস্তিৰ বিধান কৰা হ’ব

 ৰজাৰ আদেশ পাই চতুৰ্ভুজ চিন্তিত হ’ল। তেওঁ কি কৰিব! যাব নে নাযায়। গলেও তেওঁ পূজাত যোগ দিব নোৱাৰিব, আকৌ নগলেও জানো ৰজাই শুদাই এৰিব। বহুত ভাবি-চিন্তি তেওঁ যোৱাৰেই সিদ্ধান্ত কৰিলে। মনতে ভাবিলে তেওঁ নিজৰ ধৰ্ম্মমতৰ কথা ভালকৈ বুজাই দিলে ৰজাই নিশ্চয় বুজিব আৰু তেওঁক অব্যাহতি দিব। কিন্তু নগলে যদি ৰজাৰ খং উঠে তেন্তে কথা বিষম হ’ব পাৰে।

 আগ-গুৰি সকলো ভাবি চাই চতুৰ্ভুজ জনচেৰেক ভকত লগত লৈ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈকে স্থিৰ কৰিলে।