এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৫
মায়ামৰীয়া মহন্ত

ভিতৰত সকলো জাতৰ মানুহ আছিল, তথাপি মৰাণ আৰু মটকৰ সংখ্যাই আটাইতকৈ বেচি আছিল।

 লাহে লাহে অনিৰুদ্ধৰ গুণ, জ্ঞান আৰু অলৌকিক ক্ষমতাৰ কথা চাৰিওফালে বিয়পি পৰিল; আন কি স্বৰ্গদেৱ চুখাম্‌ফাৰ কাণতো পৰিল। বহুতে তেওঁক ভণ্ড বুলি ৰজাৰ ওচৰত গোচৰ দিলে। স্বৰ্গদেৱে তেতিয়া পৰীক্ষা কৰিবৰ মনেৰে অনিৰুদ্ধক মতাই আনিলে। প্ৰবাদ আছে যে অনিৰুদ্ধ উপস্থিত হ’লত ৰজাই তেওঁৰ আগলৈ এটা কলহ অনালে। কলহটোত কিছুমান ফটাকানি ভৰাই মুখ বান্ধি থোৱা আছিল। কলহটো দেখুৱাই ৰজাই অনিৰুদ্ধক ক’লে,—“তুমি বোলে সৰবজান, সেই দেখি তোমাক মতাইছোঁ। এই কলহটোত কি আছে ক’ব পাৰিলে বুজিম তুমি ধাৰ্ম্মিক, নোৱাৰিলে বুজা যাব তুমি ভণ্ড। তেতিয়া সেইমতে তোমাৰ শাস্তি হ’ব।”

 অনিৰুদ্ধই ক’লে,—“কলহটোত এটা ফেঁটী সাপ আছে।”

 অনিৰুদ্ধৰ কথাত ৰজাই হাঁহিলে, আৰু কলহটোৰ মুখ মেলিবলৈ লিগিৰাক আদেশ কৰিলে। আচৰিত কথা! লিগিৰাই ঢাকোন এৰুওৱা মাত্ৰেই এটা ফেঁটী সাপে ফোঁচ-ফোঁচাই ফেঁট তুলি উঠিল, যেন—

“সত্য কষিবাক লাগি নিজ ভক্ত বাণী।
‘কুম্ভতে’ উদ্ভব ভৈলা প্ৰভু চক্ৰপাণি।

 ঘটনাতো দেখি সকলোৱে বিস্ময় মানিলে; ৰজাও অবাক হ’ল। তেওঁ অনিৰুদ্ধক মায়া সাপটো মাৰিবলৈ ক’লে। তেতিয়া অনিৰুদ্ধই কলহৰ মুখলৈ হাতখন নিলতে সাপটো