পৃষ্ঠা:গণ-বিপ্লৱ.pdf/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পঞ্চম অধ্যায়।
মায়ামৰীয়া মহন্ত।

 নাৰায়ণপুৰৰ বিষ্ণুবালিকুচিত গোণ্ডা নামে এজন ভূঞা আছিল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰৰ খুৰাকৰ জীয়েক আজলীক তেওঁ বিয়া কৰাইছিল। মায়ামৰীয়া সত্ৰ-সংস্থাপক শ্ৰী অনিৰুদ্ধ দেৱ এওঁলোকৰে পুত্ৰ।

 অনিৰুদ্ধ সৰুৰে পৰা বৰ বুদ্ধিমান আৰু মেধাবী আছিল; বয়সত নানা শাস্ত্ৰত পাৰদৰ্শী হৈ উঠিছিল। ভাগৱত পাঠ কৰি ভাগৱতী ধৰ্ম্মৰ প্ৰতি তেওঁ বিশেষৰূপে আকৃষ্ট হয় আৰু পঞ্চম স্কন্ধ ভাগৱতৰ অনুবাদ কৰে। তাৰ বাহিৰেও বহুতে গীত-পদ, ভটিমা, টোটয় আৰু চতুৰ্থ স্কন্ধৰ একাংশৰ পদো তেওঁ ৰচনা কৰিছিল।

 ভাগৱতী ধৰ্ম্মৰ প্ৰতি তেওঁৰ প্ৰগাঢ় অনুৰাগ জন্মাত তেওঁ সেই ধৰ্ম্ম গ্ৰহণ কৰিবৰ নিমিত্তি গুৰু বিচাৰি ওলায়, আৰু ভবানীপুৰীয়া গোপাল আতাক কালজাৰ সত্ৰত লগ ধৰে। গোপাল আতাই অনিৰুদ্ধদেৱৰ বিদ্যা, বুদ্ধি আৰু ভাগৱত- জ্ঞানৰ পৰিচয় পাই পৰম সন্তোষ পালে আৰু ধৰ্ম্মোপদেশ দি তেওঁক উজনীত ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ আদেশ কৰিলে। গুৰুৰ উপদেশ সাৰোগত কৰি অনিৰুদ্ধ নিজৰ ঠাইলৈ উলটি আহিল, আৰু সত্ৰ পাতি শিচ ভজাবলৈ ধৰিলে। যদিও তেওঁৰ শিষ্যৰ